মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 28, 2026

মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা

 


মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা


দীপ্তি ঠাকুৰ গোস্বামী 


(তৃতীয় খণ্ড)


  ইনাহঁত, তোমালোকক মহান শিল্পী জুবিন গাৰ্গৰ সংগীত জগতৰ বিষয়ে কিছু আভাস দিলোঁ। ডাঙৰ হ'লে তেখেতৰ সংগীত জগতৰ ওপৰত গৱেষণা কৰিলে বহুত নজনা কথা জানিব পাৰিবা। এটা কথা মনত ৰাখিবা এই শিল্পীজনা অকল সংগীত জগততেই যে এক উজ্জ্বল নক্ষত্র আছিল সেয়া নহয় তেখেত বহু গুণেৰেৰ গুণৱান। সেয়ে তেওঁক ভগৱানৰ অংশ বুলি ভাবোঁ। মোৰো মনৰ অনুভৱ সংগীতে কিমান মানুহক আনন্দ দিব পাৰে। পৃথিৱীৰ একো শক্তি নাই ইমান আনন্দ দিবলৈ। সেয়ে সংগীতজ্ঞ অভিনেতা জ'শ গ্র'বানৰ ভাষাৰে, “পৃথিৱীত যদি কোনো চিৰস্থায়ী বস্তু আছে, সেয়া সংগীতৰ শক্তিৰ বাহিৰে আন একো নহয়।”

   অমৃত কণ্ঠ জুবিন গাৰ্গৰ কোনো জাতি বা ধর্ম নাছিল। মানৱ সেৱাই তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। কিমান মহান এই শিল্পীজনাৰ মনটো তোমালোকে ভাবি চাবাচোন। যিদৰে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে কোনো জাতি, ধর্ম বিশ্বাস কৰা নাছিল। তেওঁ যি জাতৰে নহয় সদায় জ্ঞানীজনকহে উচ্চ আসনত বহুৱাইছিল। ইয়াৰপৰা আমি কি বুজোঁ মহাপুৰুষজনাই কিমান এটা মহান উদ্দেশ্য আগত ৰাখি এখন সমাজ সুন্দৰ কৰাৰ চিন্তা কৰিছিল।

   ব্রাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল। দাতাত চোৰত যেন দৃষ্টি এক তুল।। নীচত সাধুত যাৰ ভৈল এক জ্ঞান। তাহাকোসে পণ্ডিত বুলিয় সর্বজনে।।

   মইনাহঁত, তোমালোকে ভাদ মাহত নিশ্চয় মাৰ লগত নামঘৰলৈ কেতিয়াবা যোৱা। আমাৰ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰবোৰ সমন্বয়ৰ এখন মিঠা মঞ্চ। য’ত জাতি, ধর্ম, বর্ণ নির্বিশেষে ভগৱানৰ গুণ-গৰিমা গাই মনলৈ শান্তি ভাব আহিবলৈ লগতে সমাজৰ শান্তিৰ বাবে। নামঘৰৰ যি সংস্কৃতি তাৰ মাজেৰে শ্ৰীমন্ত শঙ্কৰদেৱে এটা সুন্দৰ পথ দেখুৱাই থৈ গৈছে যে মানুহৰ মাজত কোনো জাতি ভেদ নাই। মানুহ সকলো সমান। হিন্দু ধর্মীয় শাস্ত্ৰ অনুসৰি সনাতন সমাজত চাৰিটা মূল বৰ্ণ বা জাতি প্রথা বিদ্যমান আছিল যিবোৰ হ’ল-ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র। এই বিভাজনবোৰ সমাজৰ কাম-কাজৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। এইবোৰ ভগৱানৰ সৃষ্টি নহয়। মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে আমাক এটা সুন্দৰ পথৰ চিনাকি কৰাই দিছিল এই নামঘৰৰ মজিয়াত সমন্বয়ৰ ছবিখনে। সেয়ে শ্রীমন্ত শঙ্কৰদেৱক আমি ভগৱানৰ অংশ বুলি বিশ্বাস কৰোঁ। মহান শিল্পী জুবিন গার্গেও জাতি-ধর্ম বিশ্বাস নকৰি মানুহক সমন্বয়ৰ এনাজৰীৰে বান্ধিছিল। সেয়েহে তেখেতৰ মহাপ্রয়াণৰ সময়ত জাতি-বর্ণ-ধর্ম নির্বিশেষে লাখ লাখ লোক একত্ৰিত হৈছিল। আৰু এই বিৰল দৃশ্য বিশ্ববাসীয়ে দেখি স্তম্ভিত হৈছিল। আৰু এজন শিল্পীক কিমান আদৰ-সন্মান কৰে অসমীয়াৰ লগতে ভাৰতীয়সকলেও। সেয়াও এক সুন্দৰ নিদর্শন।

   আমাৰ মহান শিল্পী জুবিন গার্গে জাতি-ধর্ম কেতিয়াও বিশ্বাস নকৰিছিল। তেওঁ মানুহক চৰাইৰ মনৰ দৰে হ’বলৈ আহ্বান কৰিছিল। যিদৰে চৰায়ে উৰি আহি মন্দিৰ, মছজিদ, গীর্জা আদি সকলোবোৰ ধৰ্ম অনুষ্ঠানৰ ওপৰত পৰে। মানুহৰ মনবোৰ চৰাইৰ দৰে হ’লে এখন সুন্দৰ সমাজ সৃষ্টি হ'ব।

  অসমৰ সমাজৰ উন্নতিৰ কাৰণে মানুহক শান্তিৰ পথেৰে আগবাঢ়ি যাবলৈ যিসকল মহান লোকে সেন্দুৰীয়া পথৰ সন্ধান দিয়ে সেইজনেই আমাৰ কাৰণে ভগৱান। শিল্পীজনাই মানৱতাৰ যিখন চিত্র অংকিত কৰি থৈ গ'ল সেয়ে তেখেতক আমি ভগৱান জ্ঞান কৰোঁ। তেখেতৰ গুণৰাজি আমি লিখি থৈ যাম নতুন প্ৰজন্মৰ কাৰণে তেখেতৰ আদৰ্শৰে আদৰ্শিত হৈ সুন্দৰ সমাজ গঢ়িবলৈ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages