প্ৰভূ ৰাম লালা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, March 31, 2026

প্ৰভূ ৰাম লালা

 

প্ৰভূ ৰাম লালা


                             শেৱালী বড়া

                          ছিপাঝাৰ, দৰং


কত শতিকাৰ অপেক্ষাৰ অন্তত 

আহিল স্বৰ্গৰ পৰা নামি ভগৱান 

পদাৰ্পণ কৰিলে আহি মৰ্ত্যত।

হ'ল অৱসান  অভিশপ্ত পঞ্চ শতিকাৰ

সাজিলে ন মাহ ধৰি ভাস্কৰ্য্য শিল্পীয়ে

দিন-ৰাতি একাকাৰ কৰি দূৰুহ কাম

সহায় কৰিলে যেন গোপনে আহি বিশ্বকৰ্মাই 

লগত অন্যান্য কলা-কুশলী, বৈজ্ঞানিক,

অভিযন্তাৰ বছৰ যোৰা জল্পনা-কল্পনা,

প্ৰস্তুুতিৰ অন্তত পূৰ্ণাংগ ৰূপ পালে মন্দিৰে।

হ’ল প্ৰাণ প্ৰতিষ্ঠা স্বৰ্ণ, ৰত্ন, মুকুতা খচিত দেহত

মুক্ত হ’ল আই সীতাৰ অভিশাপৰ পৰা

লগতে অভিশাপৰ পৰা মুক্ত হ’ল  ভক্ত সহচৰ।

আহিল বানৰ ৰাজ প্ৰভূৰ চৰণৰ পদধূলি ল'বলৈ

শগুন আহিল জতায়ুৰ ৰূপত সাত সাগৰ নেওঁচি

শেষ নাগ “ভাতৃ লক্ষন” সৰ্পৰ ৰূপত আহিল 

অটল সমূদ্ৰত নিদ্ৰা এৰি সেৱা কৰিবলৈ প্ৰভূক।

আই ধৰিত্ৰী নাথাকিল ৰৈ ধোৱালে প্ৰভূৰ  চৰণ যুগল  নদী সৰযু হৈ,আপ্যায়ন কৰি ললে আশীষ মুৰত

লহৰে-লহৰে ধুৱাই পৱিত্ৰ কৰিলে অয়োধ্যা নগৰী।

সুশোভিত হ'ল ৰাস্তা-পদূলি ফুলেৰে হ'ল জাতিষ্কাৰ

নানা তৰহৰ ভিন্ন ৰঙী ফুলৰ হ'ল সমাহাৰ

হ'ল প্ৰাণ প্ৰতিষ্ঠা নিদিষ্ট দিনত।

আহিল অভ্যাগত দেশী-বিদেশী, সতীৰ্থ-বন্ধু গন

লগত ভাৰতৰ ভিন্ন প্ৰান্তৰ অসংখ্য ভক্ত-জনগন

ভাগ ললে সবে পৱিত্ৰ যজ্ঞ কুণ্ডৰ।

শাৰী-শাৰী সুসজ্জিত অলেখ যজ্ঞ কুণ্ড 

বিজ্ঞ,বেদজ্ঞানী, দ্বিজ,পুৰোহিতে কৰে যজ্ঞ

আহুতি দিয়ে ধূপ, ধূনা, পুষ্প, অৰ্ঘ, ঘী, দধি, দুগ্ধ।

বৈদিক মন্ত্ৰৰ ধ্বনিৰে আকাশ-বতাহ হ’ল মুখৰিত

তাৰ সুগন্ধই দশোদিশ কৰিলে আলোকিত।

সাধিব কল্যান ভাৰত বৰিষে জনম-জনম

সকলো দুখ-শোক, জৰা-ব্যাধি দূৰ কৰিব প্ৰভূ ঈশ্বৰে

ৰাখিব দেশখন কুশলে সুদূৰ ভৱিষ্যতে।

কত জনমৰ তপস্যাৰ বৰত স্বৰ্গীয় দেৱদূত  

আহে পৰমধামৰ পৰা মৰ্ত্যলৈ নামি।

বিশ্ববাসী হ’ল আচৰিত, আপ্লুত, মোহিত

অলৌকিক, চমৎকাৰ দৃশ্য চাক্ষুক কৰি নিৰৱে

নয়ন ভৰি উপভোগ কৰিলে স্বৰ্গীয় সুখৰ অনুভূতি।

বিদশীৰ মন জয় পৰিল গালে বন্দনা প্ৰভূ ঈশ্বৰৰ

সঁচাই আছে শক্তি, সামৰ্থ, নেদেখা জনৰ

ধন ধন্য ভাৰতবৰ্ষ ধন্য ভাৰতৰ জনগন

পাইছে ভগৱান প্ৰভূ ৰাম লালাৰ সাক্ষাৎ দৰ্শন।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages