নুফুলিবি ব’হাগ আমোলমোলাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, March 31, 2026

নুফুলিবি ব’হাগ আমোলমোলাই

 
নুফুলিবি ব’হাগ আমোলমোলাই


                              অঞ্জলী শৰ্মা

                  নাৰায়ণপুৰ, লখিমপুৰ


নাহিবি বসন্ত ৰজনজনাই,

তেওঁ নাই, তেওঁ নাই।

সাজোন কাচোন তোৰ অথলে যায়।

চকুপানী গোট মাৰে 

কলিজাত কৰাঁল বান্ধে 

ঢোল পেঁপাৰ মাতে

বিষ মোৰ কলিজাত ঢালে।

তেওঁৱেই আছিল আমাৰ বসন্ত ব’হাগ

সাহস, কণ্ঠ, অন্তহীন প্ৰেৰণা।

গীতে মাতে কথাই মৰমেৰে 

বঢ়াই তুলিছিল আমাৰ চেতনা।

গছত আছিলে যাৰ প্ৰাণ

গীততে আছিল তান

মানুহে যাতনাক জীবলৈ

গালে যে তেওঁ কত গান।

শূন্য কৰি হিয়া আমাৰ 

আজি বা আছেগৈ ক’ত?

বহাগৰ সূহুৰি বজাই নুতুলিবি 

মৰিশালিহে য’ত ত’ত।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages