জোনাকৰ কথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

জোনাকৰ কথা

 

জোনাকৰ কথা…


                               পৰাগ দত্ত

                              লক্ষীমপুৰ


যি জোনাক চিনি নাপায়,

তেওঁৰ চকুত জোনাক ৰাতিও অন্ধকাৰ।

তেওঁৰ হৃদয়ত জোনাক নামিলেও

উজ্বলতা নহয় — হয় মাত্ৰ নিৰ্লিপ্ততা।


যি জোনাকৰ বাটেদি যাব নোখোজে,

যি জোনাকৰ নামত সপোন নেদেখে,

যি জোনাকৰ বাবে এদিনো ব্যাকুল হ’ব নোৱাৰে,

তেওঁৰ আগত জোনাকৰ কথা কৈ লাভ নাই ।


অকণমান সময় নিজকে পাহৰি

নোপোৱা মানুহে

কেতিয়াও বুজিব নোৱাৰে —

জোনাক মানে কি ?


জোনাক মানে মাথোঁ পোহৰ নহয়, জোনাক মানে প্রেম, জোনাক এক নিৰৱ প্ৰতীক্ষা..!! 

যি জোনাকক নুবুজে তেওঁৰ আগত শব্দবোৰো নীৰৱ হৈ পৰে, কবিতাবোৰো অসম্পূৰ্ণ হৈ থাকে।।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages