ফাগুন মোৰ কিমান আপোন
পুণ্যাহা পুনম চৌধুৰী
নগাওঁ
ঐ ফাগুন...
তই বাৰু মোৰ কিমান আপোন ?
পলাশৰ ৰঙাবোৰ,
জোলোঙাত বান্ধি ৰখা অভিমানৰ টোপোলাটো—
কাৰ বাবে ফাগুন ?
কেকুৰি নিছিগা আলিটোত
বালিয়া বতাহে
ছটিৱাই আবিৰৰ ৰং।
লাজে বেৰি ধৰা আবেলিৰ
ধূলিয়ৰি বাট,
শুকান হালধীয়া পাতৰ
লঙঠা সুবাস।
ফাগুন...
তই ৰঙা বাবেই
মই হওঁ সেন্দুৰীয়া,
তই শুকান বাবেই
মই হওঁ সৰাপাত।
ফাগুন...
তই মোৰ কিমান আপোন ?
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment