ফাগুন মই তোমাক বেয়া পাওঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

ফাগুন মই তোমাক বেয়া পাওঁ

 ফাগুন মই তোমাক বেয়া পাওঁ


জুমী চিৰিং

কঠালগুৰি, লক্ষীমপুৰ


ফাগুন, মই তোমাক বেয়া পাওঁ

তুমি আহিলে হৃদয়ত জুই জ্বলে

পলাশৰ ৰঙে আকাশ ৰাঙলী কৰে 

মনটো অজানিতে অভিমানী হৈ পৰে !


 ফাগুনৰ ৰিব্ ৰিব্ পছোৱা বতাহ জাকে    

গুমৰাগ চঃমানৰ নিশাটি কথাকে ক’ব খোজে 

 পঃৰ আপঙৰ সুগন্ধিত আকিছিলোঁ আল্পনা

চকুত চকু থৈ কৰিছিলোঁ ক’ত যে কল্পনা !


 মিবু গালুক পিন্ধা নৈপৰীয়া ডেকাটি 

মৰমতে কিয় মাতিছিলা হাত বাউলি 

শুকান বিৰিখত সেউজীয়া আবিৰ সিঁচি 

আৱেগৰ গোপন কথাবোৰ কৈছিলা খুলি।


জানা ফাগুন, তোমাৰ বিৰহতে আজি 

মৃমবৃৰজনী মিঠা বেদনা সোণসেৰীয়া 

হেপেহুঁৱা সপোনবোৰে মেলিছে দিঙা  

পীৰিতি বতৰত কেৱল অচিনাৰ ঠিকনা।


পঃৰ আপঙৰ সুগন্ধিত ভৰিছে প্ৰাণ

মৃমবৃৰজনী নিঃশ্বাসৰ প্ৰতিটো ক্ষণ

প্ৰেমৰ নামত উছৰ্গা কৰিম মন 

নৈসৰ্গিক প্ৰকৃতিৰ মিঠা শিহৰণ।


জানা ফাগুন, মই তোমাক বেয়া পাওঁ

কাৰণ তুমি আহিলে ঐনিঃতমৰ সুৰত

হৃদয়ত সাঁচতীয়া গোপন কথাবোৰে 

পলাশৰ ৰং সানি ৰাঙলী হ’ব বিচাৰে ।


ফাগুন, তুমি বিদায় ল’লেও থমকি ৰওঁ

স্মৃতিৰে ভৰা অতীতলৈ ঘূৰি চাওঁ 

তুমি দি যোৱা ভালপোৱা ক’লাজ

সমাধিত বহি সপোন দেখো নিলাজ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages