মই মানুহ হ’ব বিচাৰো
মদন দলে
কাঠনী গাঁও, মাজুলী
হিংসাৰ মুখৰ পৰা
আতঁৰি যাব বিচাৰোঁ
নম্রক অগ্ন কৰি জীৱন
আগবাঢ়িব বিচাৰোঁ।
মই মানুহ হ’ব বিচাৰোঁ।
আনৰ দুখত দুখী হৈ
সহায়ৰ হাতেৰে পৰৰ
উপকাৰ হোৱা বিচাৰোঁ।
মই মানুহ হ’ব বিচাৰোঁ।
সত্যক অগ্ৰ কৰি
কামত বিলীন হ’ব বিচাৰোঁ।
জীৱনৰ প্ৰতিটো পল
মধুৰ হোৱা বিচাৰোঁ
মই মানুহ হ’ব বিচাৰোঁ।
জাতিৰ তুলনাক নাশি
নিৰবিৰ কৰিব বিচাৰোঁ
শত্রুক মিত্ৰ কৰি
বন্ধুত্ব গঢ়িব বিচাৰোঁ
মই মানুহ হ’ব বিচাৰোঁ।
জ্যেষ্ঠৰ প্ৰেৰণাক গ্রাহ্য কৰি
অনুজৰ উৎকৃষ্ট পথ দর্শক হৈ
ভুল আতঁৰাই সত্যক প্ৰতিষ্ঠা কৰি
মধুময় জীৱন গঢ়িব বিচাৰোঁ
মই মানুহ হ’ব বিচাৰোঁ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment