মইও এদিন গুচি যাম
জেৰী পেগু
জোনাই, ধেমাজি
মইও এদিন গুচি যাম,
নিঃশব্দে, যেন সন্ধিয়াৰ শেষ ৰ’দ
এখন পাতত লাহেকৈ মিলি যায়।
মোৰ হাঁহিটো বতাহত ভাহি থাকি যাব,
সপোনবোৰ অপূৰ্ণ হৈও সুন্দৰ হৈ থাকিব।
মই গুচি যাম,
কিন্তু এৰি যাম এটি গছৰ ছাঁ,
য’ত কোনোবাই বহি মনত পেলাব —
“ভাল আছিল তেওঁ।”
ভয় নাই,
মৃত্যুই মোক লৈ নাযায়,
ঘূৰাই দিয়ে —
প্ৰথম বৰষুণৰ সুবাসলৈ,
জননীৰ কোলালৈ,
আৰু সেই নিস্তব্ধতালৈ,
য’ত সকলো শান্ত হৈ পৰে।
মইও এদিন গুচি যাম…
আৰু সেইদিনা
এটা নতুন নামহীন আৰম্ভণি হ’ব।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment