কথোপকথন
ৰমজান
বেনজিন চুলতানা
বাইহাটা চাৰিআলি, কামৰূপ
(মোবাইল ফোনটো হাতত লৈ হোৱাটছএপ খুলি)
তাই-কি হ’ল ? তুমি এতিয়ালৈকে সাৰে আছা যে? টোপনি অহা নাই নেকি ?
সি-নাই অহা।
তাই-কিয় ? কি হ’ল?
সি-নাই এনেই।
তাই- এনেই মানে? কোৱাচোন ভালকৈ।
সি-উম।
তাই-আচৰিত দেই।
সি-ঐ, ৰমজান মোবাৰক। তুমি চেহেৰী কৰিলা?
তাই-উম্। কৰিলোঁ। অ’ ৰ’বা, তাৰমানে তুমি মোৰ বাবে সাৰে আছা?
সি- নাই নাই।
তাই -হ’ব বুজিছোঁ। কিয় মোক ইমান ভাল পোৱা?
সি-নাপাওঁ যোৱা।
তাই-হ’ব, বুজি পাওঁ মই। তোমাৰ ‘না’ ৰ মাজত যে ‘হা’ লুকাই থাকে। তোমাৰ মৰম বোৰ কথাত নহয় কামত ফুটি উঠে।
সি-ইচ্।
তাই-হ'ব এতিয়া তুমি শুই থাকা। কাইলৈ তোমাৰ ঘৰত পূজা আছে নহয়। ৰাতিপুৱা সোনকালে উঠিব লাগিব।
সি-উম। তুমিও শুই যোৱা। কাইলৈ কষ্ট হ’ব তোমাৰ ৰোজা ৰাখি।
তাই-বাই, গুড নাইট।
সি-গুড নাইট, ভালদৰে শুই যাবা।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment