হৃদয় জাগোৱা ফাগুনৰ দিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

হৃদয় জাগোৱা ফাগুনৰ দিন

 

হৃদয় জাগোৱা ফাগুনৰ দিন


                                                  ঝৰ্ণাজিলি দলে 

                                                              জ’নাই


হৃদয় জাগোৱা ফাগুনৰ দিন,

আহি থমকি ৰয় মোৰ চোতালত।

ৰঙা পলাশে জ্বলাই তোলে

নীৰৱ স্মৃতিৰ আগনিত।

বতাহত কপৌৰ সুগন্ধ ভাঁহে,

সেউজীয়া পথাৰে হাঁহি ফুটি উঠে।

তথাপিও মোৰ অন্তৰৰ কোণত

এটি পুৰণি নাম লাহে লাহে জাগি উঠে।

ফাগুন মানে নতুন আৰম্ভণি,

অশ্ৰুৰ মাজতো অলপ হাঁহি।

হেৰুৱা সময়ৰ বুকুত ধৰি

আশাৰ দীপ জ্বলাই থৈ থাকি।

ডেউকা মেলি উৰা চৰাইবোৰে

শিকায় মোক আগবাঢ়িবলৈ।

দুখৰ মেঘ আঁতৰাই

আকাশখন পুনৰ নীল কৰিবলৈ।

হয়তো জীৱন সদায় ৰঙীন নহয়,

তথাপিও ফাগুনে সপোন দেখুৱায়—

হৃদয় জাগোৱা এই দিনবোৰে

আকৌ বাঁচিবলৈ সাহস জগায়।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages