অচিনাকি সুৰৰ চিনাকি গান
প্ৰীতি পাদুন
ধেমাজি
কিয় বাৰে বাৰে মন ভাঙি যায়,
মই ইমান বেয়া নে? নে মই নিজেই নাজানো?
শব্দৰ আঘাত নীৰৱে সাঁচি লওঁ,
সহ্য কৰিব নোৱাৰোঁ এই শব্দক।
সেইয়া কি মোৰ বেয়া অভ্যাস নে
তোমাৰ লগত কথা পতাটো।
নে ! অভিমান কৰাৰ বাবেই ভুল নেকি,
আপোন বুলি ভাবি লোৱাৰ বাবেই অপৰাধ নেকি ?
আপোন বুলি ভাবিয়েইতো অভিমান কৰিছিলোঁ,
সেই আপোনত্বখিনি তুমি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছিলা নে?
মোৰ নীৰৱ মৰম, নিস্তব্ধ অপেক্ষাবোৰ
তোমাৰ চকুত কিয় সদায়েই অদৃশ্য হৈ ৰ’ল?
হ’ব দিয়া ! বুলি ক’লেই জানো সকলো শেষ হৈ যায়?
মোৰ নিঃশব্দ মৰমখিনি কি সঁচাকৈয়ে কম আছিল নে?
বুজাব নোৱাৰা অনুভৱবোৰে
দিনে দিনে মোৰ বুকুখন ভৰাই ৰাখিলা।
শেষত তুমি হ’লাহি
অন্য দেশৰ মানুহৰ দৰেই অচিনাকি,
মোক নিৰ্বিকাৰে উপেক্ষা কৰি,
মোৰ বিশ্বাসখিনিক নীৰৱে দূৰলৈ ঠেলি দিলা।

No comments:
Post a Comment