ৰাজীৱ বিহীন-জুবিন বিহীন ভোগালী
দুলাল দিহিঙ্গীয়া
ঘিলামৰা
আজি মেজিৰ জুইকুৰা দাউ দাউকৈ জ্বলিব।
ধম ধম কৈ বাঁহ বোৰ হিলৈ ফুটাদি ফুটিব।
অসমী আইৰ বুকুখন বিষাদত চিৰা চিৰ কৈ ফাটিব।
তোৰ প্ৰতিটো শব্দ ৰজা ঘৰীয়াৰ বাবে একেপাট ব্ৰহ্মা অস্ত্ৰ আছিল।
তোৰ কন্ঠত অসমী আইৰ চাটি ফুটি কৰি থকা দেহটো শীতল হৈ পৰিছিল।
ৰাঙলী বুঢ়ীৰ একমাত্ৰ পুত্ৰ শত্ৰু সেনাৰ গিৰ্জনি শুনি ৰণলৈ ওলাইছিল।
তেজত উঠিছে পিৰপিৰণি—
শব্দৰ জুইকুৰাই মানুহে মানুহৰ তেজ শুহি খুৱা ধুৰ্ত শিয়াল বোৰৰ তোৰ প্ৰত্যেকটো শব্দত চগাৰ দৰে জুইত দেই পুৰি মৰিছিল।
ঐ ৰাজীৱ, তোক জুবিন দা দৰে হত্যা কৰা নাইটো – ?
আজি প্ৰকৃতি অসহায়, মাতৃভাষা, মাতৃভূমি অসহায়।
আকৌ ঘুৰি আহ, তোৰ ব্ৰজ কন্ঠ নিনাদে কঁপাই তোল, চটফটাই থকা অসমী আইৰ বুকুখন, সুশীতল কন্ঠ ঢলে ধুৱাই নিয়ক কলুষিত কালিমা।
দাউ দাউ কৈ জ্বলি উঠা মেজিৰ জুইয়ে পুৰি নিয়ক হত্যা, হিংসা, ধৰ্ষণ, বিভেদ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:
Post a Comment