ব্যৰ্থ প্ৰেমিক-২ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

ব্যৰ্থ প্ৰেমিক-২


 ব্যৰ্থ প্ৰেমিক-২


                        সুভদ্ৰা পেগু

                             জোনাই 


সেই ৰাতিও পূৰ্ণিমা আছিল

আজিও...

কিন্তু সময় জানো একে আছে!

এতিয়াটো নাই শীতৰ বতাহে 

কঢ়িয়াই অনা কেঁচা অনুভৱ

তোমাৰ চেঁচা হাতৰ কেঁচা পৰশ!

অহঃ আজি সেই জুইকুৰাও নাই

তাৰ ঠাইত এটা জ্বলন্ত চিগাৰেট

ধোৱাৰে আৱৰি থকা আন্ধাৰ কোঠালিত

জোনৰ পোহৰ পৰাকৈ 

খোলা খিৰিকীৰ এফাল।

আৰু মই??

মই জানো আছোঁ ইয়াত

নে হেৰাই গলো কৰ'বাত!!!


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages