তেজাল ঘোঁৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

তেজাল ঘোঁৰা


 তেজাল ঘোঁৰা


                          গৰিমা ৰায়

            অভয়াপুৰী, বঙাইগাঁও


আমি যেন একো‌ একোটা তেজাল ঘোঁৰা 

চাৰিঠেঙীয়া নহয়, দুইঠেঙীয়া,

চেকুৰি ৰণথলি তোলপাৰ লগোৱা 

এই সময় ইজনত কৈ সিজন শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠা কৰা।

চৌদিশে সংঘৰ্ষ এতিয়া প্ৰতিযোগিতাৰ 

শ্ৰেষ্ঠতা অৰ্জনত যেন দিন - ৰাতি একাকাৰ,

সফলতাৰ কামনা সকলোৰে মনে প্ৰাণে 

হাজৰিকাদেৱে কোৱাৰ‌ দৰে আমাৰ দৃষ্টিয়েও লক্ষ্য জানে ।

জন্মে বিশ্ববিজয়ী এতিয়া  প্ৰজন্মে প্ৰজন্মে 

যুদ্ধত নামে যেন চিৰ শান্তিৰ ৰ বাবে, 

তৰোৱাল নহয় কলমো এক অস্ত্ৰ 

কলমৰ আগত যে মুখা পিন্ধা সকলো নগ্ন। 

জয় হওঁক সত্যতাৰ যুগে যুগে 

আন্ধাৰ নাশি প্ৰজন্মৰ সৃষ্টি হওঁক প্ৰতিবাৰে, 

নীলপদ্মৰে পূজিত হোৱাৰ সতে 

বিজয়ৰ মালা হওঁক সকলোৰে হাতে হাতে। 


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages