মৃতদেহ
ইৰা দেৱী
গাৱৈয়া, কাৱৈমাৰী
মৃতদেহটো মাটিত
নিষ্টব্দ হৈ শুই আছে
বন্ধ চকু,
কিন্তু সেই নষ্টব্দতাত যেন
বহু কথাই বাকী।
সকলোৱে কয়
এইটো এটা মৃতদেহ,
য'ত নাই কোনো প্ৰাণ।
কিন্তু কোনে জানে?
সেই দেহটোৰ ভিতৰত
কিমান সপোন অকলে মাৰিছিল।
সেই দেহটোৱে
কেতিয়াবা হাঁহিছিল,
আকৌ কেতিয়াবা
কাৰোবাৰ বাবে
মনে মনে কন্দিছিল।
কিন্তু আজি সেই সকলো অনুভৱ
মাথোঁ স্মৃতিৰ সাক্ষী।
সেই দেহটোৰ ওপৰত
এখন বগা কাপোৰ দিয়া হ’ল
কোনোবা বিশেষ ব্যক্তিৰ সলনি
বৰ্তমান সেই ব্যক্তি জনৰ
পৰিচয় হ’ল
এটা মৃতদেহ মাথোঁ
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment