কোনোবাই কোৱা হ’লে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

কোনোবাই কোৱা হ’লে

 

কোনোবাই কোৱা হ’লে 


                                ৰাতুল চেতিয়া ফুকন

                                  চৰাইদেউ, সোণাৰি


আমি বাৰু আকৌ নদী খনৰ পাৰলৈ উভতি যাব নোৱাৰোনে।

যি খন নদীৰ পাৰত মানুহবোৰে লগলাগি ঘৰ সাজিছিল।

সকলোৱে হাঁহি মাতি নৈখনত গা ধুইছিল একেলগে।

নৈৰ পাৰৰ বৰগছ জোপাৰ তলত 

বিহু মাৰিছিল সকলোৱে মিলি।

এতিয়া নৈ খনৰ ফালে কোনো নাযায় 

যাব নোখোজে।

নৈ খনৰ ওপৰত থকা দলংখন হেনো পুৰণি হ’ল 

ইপাৰৰ মানুহ সিপাৰ নহয়।

অস্বাভাৱিক চেতনাৰে সচেতন মানুহ বোৰে 

ৰ লাগি চাই থাকে নৈ খনলৈ।

কোনোবাই কোৱা হ'লে 

ব’লা আমি আকৌ নৈ খনৰ পাৰলৈ উভতি যাওঁ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages