বাটৰুৱা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

বাটৰুৱা

 

বাটৰুৱা


                    কাৰ্চাং তাকাৰ


দিয়া মোক লাখুটি এডাল,

জুখি জুখি যাওঁ মাটিৰ নাভি;

কিমান দূৰ?

আকাশলৈ যিমান দূৰ।


যাওঁতে যাওঁতে খহি যায় চেণ্ডেলযোৰ,

কেঁচা নাইবা পকী পথত।

অলপ জিৰাওঁ!

ছাঁত উশাহ লওঁ;

অলপ গ’লেই দেখোঁ— হাঁকুটি নথকা দলং,

পাৰ হ’ব নোৱাৰি, বৃদ্ধ-ৰোগীয়াৰ দৰে কৰে লৰচৰ।


এনেকৈ জানো বাটৰুৱা হ’ব পাৰি?

বৃদ্ধ অথবা ৰোগীয়া মানুহৰ দৰে...


কিমান দূৰ আছে—

পৰিৱৰ্তনৰ বাটলৈ?

আৰু কিমান দিনৰ বাবে বাটৰুৱা হ’ম!


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages