বাটৰুৱা
কাৰ্চাং তাকাৰ
দিয়া মোক লাখুটি এডাল,
জুখি জুখি যাওঁ মাটিৰ নাভি;
কিমান দূৰ?
আকাশলৈ যিমান দূৰ।
যাওঁতে যাওঁতে খহি যায় চেণ্ডেলযোৰ,
কেঁচা নাইবা পকী পথত।
অলপ জিৰাওঁ!
ছাঁত উশাহ লওঁ;
অলপ গ’লেই দেখোঁ— হাঁকুটি নথকা দলং,
পাৰ হ’ব নোৱাৰি, বৃদ্ধ-ৰোগীয়াৰ দৰে কৰে লৰচৰ।
এনেকৈ জানো বাটৰুৱা হ’ব পাৰি?
বৃদ্ধ অথবা ৰোগীয়া মানুহৰ দৰে...
কিমান দূৰ আছে—
পৰিৱৰ্তনৰ বাটলৈ?
আৰু কিমান দিনৰ বাবে বাটৰুৱা হ’ম!
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment