বেদনাসিক্ত ফাগুন
শেৱালী বড়া
ছিপাঝাৰ, দৰং
উন্মাদনা বিহীন ফাগুনৰ
লঠঙা ডালত পৰি
বিৰহিনী পৰিভ্ৰমী চৰাইজনীয়ে
আবেগ বিহ্বল হৈ জুৰিছে বিৰহৰ গীত
হৈছে বিলম্ব, নাই আগজাননী বৰদৈচিলাৰ
চৌদিশে শুষ্ক আৱৰণৰ কিৰিলি।
উকা উকা ফাগুনৰ পদূলি
নাই ধূলিয়ৰি বাটত পছোৱাৰ
প্ৰচণ্ড তাণ্ডৱৰ বিধ্বংসী বলিয়ালি
লঠঙা বিৰিখত শুকানপাতৰ অবুজ বিননি
পথৰ দাঁতিত তেজৰঙা শিমলু, পলাশৰ
বেদনাসিক্ত গোপন উচুপনি।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment