মই প্ৰেমক বিসৰ্জন দিলোঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

মই প্ৰেমক বিসৰ্জন দিলোঁ

 

মই প্ৰেমক বিসৰ্জন দিলোঁ


                                                   সুখলতা টাইদ 

                                                        ধেমাজি


মোৰ প্ৰেমক বিসৰ্জন দিলোঁ—

নিস্তব্ধ গধূলিৰ ৰঙা আকাশত

সপোনবোৰ ধোঁৱাৰ দৰে উৰি গ’ল।

চকুৰ কোণত থমকি থকা হাঁহি

আজি নিৰৱে গলি গৈছে,

মনৰ গোপন কুঠুৰীত

তোমাৰ নামটো ম্লান হৈ পৰিছে।

এদিন যি সুৰত হৃদয় কঁপি উঠিছিল,

আজি সেই সুৰটো নীৰৱ বায়ুত মিলাই গ’ল।

হাতত ধৰি ৰখা আশা

পাতৰ দৰে সৰি পৰিল মাটিত।

মই মোৰ প্ৰেমক বিসৰ্জন দিলোঁ—

নদীৰ সোঁতত ভাহি যোৱা দেউলীৰ দৰে,

জোনাকী ৰাতিৰ স্মৃতি বোৰ

আজি কেৱল ধোঁৱাময় ছাঁ।

তথাপি, এই বিসৰ্জনৰ মাজতেই

এটা নতুন পুৱা লুকাই আছে—

য’ত মোৰ হৃদয়ে পুনৰ শিকিব

নিজকে মৰম কৰিব।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages