হাঁকুটি সম্রাট কবি ধীমান বৰ্মনৰ অনন্য অভিজ্ঞাতৰ ফচল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

হাঁকুটি সম্রাট কবি ধীমান বৰ্মনৰ অনন্য অভিজ্ঞাতৰ ফচল

 হাঁকুটি সম্রাট

কবি ধীমান বৰ্মনৰ অনন্য অভিজ্ঞাতৰ ফচল


মদন ৰাজবংশী



    ম্প্রতি ধাৰাবাহিকভাৱে কাব্য সাহিত্য চর্চা কৰি থকা অতি পাকৈত আৰু প্ৰতিভাসম্পন্ন কবি হ'ল ধীমান বর্মন। শেহতীয়াভাৱে বাক্য প্রকাশনে প্রকাশ কৰি উলিয়াইছে ধীমান বৰ্মনৰ এখন নতুন কাব্য সংকলন ‘হাঁকুটি সম্রাট’। আটক ধুনীয়া প্রচ্ছদ আৰু এক অগতানুগতিক নাম। সংকলখনৰ প্ৰচ্ছদটো দেখিলেই পঢ়িবলৈ মন আকর্ষণ কৰে। সংকলনখনত কবিয়ে ৩৯ টা কবিতা অন্তর্ভুক্ত কৰিছে।

     কবি ধীমান বৰ্মনৰ কবিতাই মানুহৰ মনৰ কথা কয়। মানুহৰ মনৰ কথাবোৰ থুপ লগাই কবিতাবোৰ আগবঢ়াই নিয়ে। তেওঁৰ কবিতাত মসৃনতা সততে বিৰাজমান যদিও এই মসৃনতা বৈপ্লৱিক সত্ত্বালৈ ৰূপান্তৰিত হৈ মানুহৰ কণ্ঠলৈ নিগৰি যোৱা দেখা যায়। তৃতীয় বিশ্বৰ কবিতাৰ (পৃ.৭) জৰিয়তে কবি যে তৃতীয় বিশ্বৰ নাগৰিক হৈ সুখী নহয় তাৰ আক্ষেপ প্রকাশ কৰিছে। কবিয়ে লিখিছে -


“প্রথম বিশ্বৰ বিস্ময় পথিক এহালি মোৰ ওপৰেৰে যেতিয়া পাৰ হ’ব মই কিয় চেলেকি নাথাকিম


তেওঁলোকৰ কিচকিচীয়া জোত”।


কবিতাটোৰ মাজেৰে কবিয়ে শ্রেণী বিভাজনৰ বৈষ্যমবাদ ধাৰণাটো স্পষ্টকৈ প্ৰকাশ কৰিছে।


কবি ধীমান বৰ্মনৰ বৈপ্লৱিক অথবা প্রতিবাদী সত্ত্বাটো অতি বেছি মসৃন। উগ্রবাদীতা বা উচ্চস্বৰিতা কবিৰ ধৰ্ম নহয়। কবিতাবোৰত এই সত্ত্বাটো স্পষ্ট ৰূপত দেখা যায়।


কবি পুজিবাদৰ ঘোৰ বিৰোধী যেন অনুমান হয়। সেয়েহে কবিয়ে ‘কেপিটেলিষ্ট গার্লফ্রেণ্ড’ (পৃ.৮) কবিতাত লিখিছে-


“আমি দেখিছো মাথো আমাৰেই তেজৰ বোলৰ দলিচাত আমাৰ বেয়া দিনৰ বোলৰ তেওঁৰ কিচকিচীয়া জোতা”


একেই কবিতাত কবিয়ে আশাবাদী মন এটাৰে লিখিছে- "ইয়াৰ পাছত নদী এখন ব'বনে চকুলো শুকাই বালিচৰ হোৱা নাৱৰীয়াবোৰৰ বাবে?”


কবি ধীমান বর্মনে কবিতাৰ মাজেৰে ভিন্ন শব্দ প্ৰয়োগৰ ভিন্ন পৰীক্ষণ চলোৱা পৰিলক্ষিত হয়। তেওঁ প্রতিদিনে নতুন নতুন শব্দৰ সন্ধান কৰে আৰু ইয়াৰ প্ৰয়োগৰ বাট বিচাৰি কবিতাৰ মাজলৈ গতি কৰে। এনে লাগে কবিয়ে যেন শব্দবোৰ থুপ লগাই আৰু কবিতাবোৰে নিজে নিজে আকাৰ লয়।


কবিয়ে 'মস্কৰাৰ মুদ্রা' (পৃ.১৭) কবিতাটোত লিখিছে-


"দৈন্যতাক নেফাফেন কৰি


গুচি যোৱা গোলাপী স্বপ্নৰ গাড়ীৰ দৰেই


তেওঁ সুগঢ়ী”


কবিতাৰ পংক্তিটোত শব্দ প্ৰয়োগৰ অপূৰ্ব বিছক্ষনতাই পাঠকক কবিতাটোৰ প্ৰতি মোহিত কৰিব।


ধীমান বৰ্মনৰ কাব্য অনুসন্ধানৰ ক্ষেত্ৰত আটাইতকৈ ভাল লগা বিষয়টো হ'ল- তেওঁৰ ৰসবোধ, চিত্ৰকল্পৰ বুদ্ধিদিপ্ত উপস্থাপনৰ বিছক্ষণতা। অধ্যয়নশীল মনটোৰ বাবে কবি গৰাকীৰ উজ্বলতা সততে পৰিস্ফুত হয়।


সম্প্রতি আধুনিক কবিতাৰ মূল বিষয়বস্তু হ'ল ভাৱৰ বৈচিত্র্যতা, ভাষাৰ ন ন প্রকাশভংগী, চিত্রকল্প ৰূপায়ণ, প্রতীক আৰু উপমাৰ সঠিক প্রয়োগ।


চিত্ৰকল্পক কবিতাৰ আত্মা বুলি ক'ব পাৰি। যুগ যুগ ধৰি চিত্ৰকল্পই কবিতাত বিশেষ আকৰ্ষণৰ বিষয় হৈ আহিছে। বর্তমান সময়তো কাব্য চর্চা অব্যাহত ৰখা কবিকুলে চিত্রকল্পত বিশেষ গুৰুত্ব দিয়া দেখা যায়। কবি ধীমান বৰ্মনেও তেওঁৰ কবিতাসমুহত চিত্ৰকল্প ৰূপায়ণত সফলতা লভিছে যিয়ে তেওঁৰ কবিতাসমুহক অন্য এক মাত্ৰা প্ৰদান কৰিছে।


কবি ধীমান বর্মনে কবিতাত ভাষাৰ অভিনৱ প্ৰয়োগত যথেষ্ট সচেতন দেখা যায়। ভাষা প্রয়োগৰ অভিনৱত্ব আৰু বিষয়বস্তুৰ ভিন্নতাই কবিৰ কবিতাসমুহৰ গুণগত যসশ্যা বঢ়াইছে। কবিয়ে 'চিলা ভালপোৱা' (পৃ. ৩৫) কবিতাত লিখিছে-


"ঢালি দিয়া মোৰ শাণিত কণ্ঠত গৰল তোমাক ভালপোৱা


আহা অবৰোধ কৰা শব্দৰ অনাৱিস্কৃত পথ তোমাক ভালপোৱা"


কবিতাটোত কবিয়ে ভালপোৱাৰ গভীৰতাক বুজাবলৈ 'গৰল' শব্দৰ প্ৰয়োগ কৰিছে যিয়ে কবিতাটোৰ মাধুর্য বহুগুণে বঢ়াইছে বুলি ক'ব পাৰি।


একে কবিতাত কবিয়ে শেষৰ স্বৱকটিত গাঁৱৰ পুৰণি চিত্রকল্প এটা উঠাই আনিছে যিয়ে বিষয়বস্তুটোত শুৱনি সানিছে। কবিৰ ভাষাৰে-


'পঘেৰ পৰা সুতা চিঙি


হেৰাই যাবলৈ দিয়া


অনন্ত বিশালতাত


চিলা ভালপোৱা"


কবিতাটোত প্রয়োগ কৰা 'পঘে' শব্দটোই কবিৰ শব্দ প্রয়োগৰ কৌশল আৰু অধ্যয়নশীল মনটোৰ পৰিচয় বহন কৰিছে। যিবোৰ শব্দৰ প্ৰয়োগ সম্প্রতি কবিকুলে কমকৈ কৰা দেখা যায়।


কবিয়ে জন্মভূমিৰ প্ৰতি থকা প্রীতিও তেওঁৰ কবিতাৰে প্রকট কৰাত সফল হৈছে। কবিয়ে 'স্বপ্নৰ প্ৰেয়সী (পৃ. ২৪-২৫) কবিতাত লিখিছে-


"আৰু কোনে মোক টোপনিৰ পৰা জগালে আৰু মই ক'ত পালো বুদ্ধক


হাটৰ বাটেৰে মই পুনৰ বাট বুলিলো আকৌ এবাৰ পৃথিৱীৰ প্ৰেমতে বুৰিলোঁ”


একে কবিতাত কবিয়ে নিজৰ সৌৰ্য-বিৰ্ষৰ শক্তিৰে নিজৰ পৃথিৱীক উদ্ধাৰ কৰিবলৈ এটা ৰঙা বেলিলৈ পৰিৱৰ্তন হোৱাৰ কল্পনাও কৰিব পাৰিছে।


কবিয়ে লিখিছে-


"তেওঁলোকৰ সম্ৰাজ্যত পুনৰ এবাৰ জিকিবলৈ মই হ'লো নেকি আকৌ এবাৰ এটা ৰঙা বেলি?


কবিয়ে বহু কবিতাত আইৰণিকেল ভাষা ব্যৱহাৰ কৰিছে যাৰ বাবে সাধাৰণ পাঠকে কবিতাবোৰ কবিয়ে ভবা ধৰণে নুবুজিবও পাৰে। বহু সময়ত পাঠকে কবিতাৰ কঠন ভংগীৰ উহঁ বিচাৰি হাবাথুৰি খোৱাৰ অৱকাশ আছে। অৱশ্যে কবিৰ এই পৰীক্ষণমূলক প্রচেষ্টাক শলাগ ল'ব লাগিব।


কাব্য সংকলনখনৰ কিছু কবিতা পাঠকে এবাৰ-দুবাৰ পঢ়ি জীর্ণ নোহোৱাটো স্বাভাৱিক। কিছু কবিতাত বৰ্ণাশুদ্ধিৰ দুৰ্বলতা লক্ষনীয়ভাৱে ৰৈ যোৱাটো লেখক আৰু প্ৰকাশকৰ অমনোযোগিতা যেন লাগিল।


'হাঁকুটি সম্রাট' সংকলনখন প্ৰকাশ কৰিছে 'বাক্য' প্রকাশনে। সুন্দৰ প্ৰচ্ছদ নিৰ্মাণ কৰিছে সত্যজিৎ নাথে। সংকলখনৰ কলেব'ৰ হিচাপে মূল্য ২২০ টকা কিছু বেছি হোৱা যেন অনুমান হয়।


আগলৈ অসমবাসীয়ে কবিৰ কাপৰ পৰা আৰু বহু উন্নত কবিতা পোৱাটো নিশ্চিত। কবি ধীমান বর্মন অসমীয়া কাব্য সাহিত্যত এটি চর্চিত নাম হৈ পৰিব বুলি মই নিশ্চিত।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages