“জাতীয় ঐতিহ্য আৰু সাহিত্য” - গ্ৰন্থখনত লেখকৰ ঐতিহাসিক অন্বেষণ। [প্ৰথম তিনিটা প্ৰবন্ধৰ আধাৰত]
ৰিয়ন বৰা
অৱতৰণিকাঃ অৰবিন্দ ৰাজখোৱা মূলতঃ অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য সমালোচক। বিগত প্ৰায় দুই দশকজুৰি সক্ৰিয়ভাৱে তেওঁ সাহিত্য চৰ্চাৰ লগত জড়িত। জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ শিশু সাহিত্য, চুটিগল্প ৰচনা কৰিছিল যদিও পৰৱৰ্তী সময়ত সাহিত্য সমালোচনাত মনোনিৱেশ কৰে। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ছখন আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা ২০ খনতকৈও অধিক। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ অন্যতম এখন গ্ৰন্থ - “জাতীয় ঐতিহ্য আৰু সাহিত্য” - গ্ৰন্থখন ২০২১ চনত প্ৰথমে প্ৰকাশ পায়। গ্ৰন্থখনৰ প্ৰকাশক অসম পাবলিচিং কোম্পানী। গ্ৰন্থখনত ১৫টা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। নামাকৰণৰ প্ৰসংগলৈ আহিলেই গ্ৰন্থখনৰ নামাকৰণৰ যথেষ্ট তাৎপৰ্য থকা পৰিলক্ষিত হয়। গ্ৰন্থখনৰ মাজেৰে লেখকৰ জাতি আৰু ভাষাসত্তাৰ প্ৰতি দায়ৱদ্ধতাৰ ভাবো প্ৰতিভাত হৈছে। গ্ৰন্থখনৰ প্ৰথম চাৰিটা অধ্যায়ত ঐতিহাসিক অন্বেষণৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছে। পৰিৱৰ্তী প্ৰবন্ধসমূহত ব্যঙ্গ নাটক, কবিতাৰ লগতে প্ৰকৃতি সচেতনতা সম্পৰ্কীয় দিশৰ অৱতাৰণা কৰা হৈছে। অসমীয়া ভ্ৰমণ সাহিত্য, চৰাই সম্পৰ্কীয় অধ্যয়ন ইত্যাদি কেতবোৰ দিশৰ অধ্যয়নে গ্ৰন্থখন সমৃদ্ধ কৰিছে। এইক্ষেত্ৰত গ্ৰন্থখনৰ লেখকৰ সম্পৰ্কে অৰিন্দম বৰকটকীয়ে আগবঢ়োৱা মন্তব্য গুৰুত্বপূৰ্ণ - “জাতীয় ঐতিহ্য আৰু সাহিত্যৰ কথা একেসময়তে সেইজনেহে ক’ব পাৰে যি নিজৰ জাতি আৰু ভাষাসত্তাৰ প্ৰতি দায়ৱদ্ধতাৰ অনুভৱ কৰে। অৰবিন্দ ৰাজখোৱা তেনে এজন জাতিপ্ৰেমী, ভাষাপ্ৰেমী লেখক যি ঐতিহ্যক ইতিহাস আৰু তত্ত্বৰ অৰ্থত ব্যৱহাৰ নকৰি এটা ক্ষুদ্ৰ জাতিসত্তাৰ আত্মবিশ্বাসৰ বাবে হ'ব পৰা আধাৰ হিচাপে চৰ্চা কৰি আহিছে।”
এই অধ্যয়নত প্ৰথম তিনিটা প্ৰবন্ধৰ আধাৰত ঐতিহ্য অম্বেষণ কৰিবলৈ চেষ্টা কৰা হৈছে।
মূল বিষয়বস্তুঃ
জাতীয় ঐতিহ্য আৰু সাহিত্য - গ্ৰন্থখনৰ ১৫ টা প্ৰবন্ধত ভিন ভিন দিশৰ অৱতাৰণা কৰিছে। হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কীয় প্ৰবন্ধকেইটাৰ মাজেৰে তেওঁলোকৰ জাতিটোৰ প্ৰতি যি অৱদান সেয়া বৰ স্পষ্টৰূপত ফুটাই তুলিছে। ইয়াৰ লগতে গ্ৰন্থখনত সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ এখন পূৰ্ণাঙ্গ ইতিহাস প্ৰণয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় অভিব্যক্তিও লেখকে ফুটাই তুলিছে।
কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা - সাহিত্যৰ শিক্ষাঃ
“জাতীয় ঐতিহ্য আৰু সাহিত্য” - শীৰ্ষক গ্ৰন্থখনৰ প্ৰথমটো প্ৰৱন্ধ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা - সাহিত্যৰ শিক্ষা। প্ৰবন্ধটোত ইতিহাসমূলক অন্বেষণৰ চিত্ৰ প্ৰতিভাত হৈছে। ১৮৩৬ চনত বুলা ভাষাৰ প্ৰৱৰ্তন আৰু অসমীয়া ভাষাৰ অপসাৰণ আছিল অসমৰ সমাজ - সংস্কৃতিৰ বাবে আটাইতকৈ ক্ষতিকাৰক সিদ্ধান্ত। পৰিৱৰ্তীসময়ত ভাষাটোত আত্মপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমৰ বিভিন্নজন ব্যক্তিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। 1873 চনত ভাষাতো পুনৰ প্ৰৱৰ্তন কৰা হয় আৰু ভাষাটো শৈক্ষিকভাৱে আগুৱাই লৈ যোৱাৰ সমগ্ৰ পৰিঘটনাৰ ঐতিহাসিক ৰূপলেখা উক্ত প্ৰবন্ধটোৰ মাজেৰে কৰা দেখা যায়। উচ্চ শিক্ষাৰ বাবে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা আৰম্ভ হোৱাৰ ক্ষেত্ৰত আশুতোষ মুখাৰ্জীয়ে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ লেখকে অতি শৃংখলাবদ্ধভাৱে দাঙি ধৰিছে। তদুপৰি পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তিৰ ভূমিকা সম্পৰ্কেও প্ৰবন্ধটোত সুস্পষ্ট বৰ্ণনা কৰিছে। হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ চানেকি ছপোৱাৰ ক্ষেত্ৰত কেনে পৰিক্ৰমাৰ মাজেৰে আগবাঢ়িছিল, অসমীয়া ভাষা সাহিত্যৰ হকে ভোলানাথ বৰুৱা, অম্বিকানাথ বৰা আদি ব্যক্তিসকলে আগবঢ়োৱা বৰঙণি, বাঙালীসকলে অসমীয়াক এটা স্বতন্ত্ৰ ভাষা হিচাপে স্বীকৃতি দিব নোখোজা আদি বিভিন্ন দিশসমূহ গ্ৰন্থখনৰ উক্ত প্ৰবন্ধটোত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে। প্ৰবন্ধটোৰ মাজেৰে লেখকৰ নিজৰ জাতি আৰু ভাষাসত্তাৰ প্ৰতি প্ৰতি দায়বদ্ধতা ফুটি উঠিছে। ড° শ্বেখ মকবুল ইছলামে উক্ত প্ৰবন্ধটোৰ বিষয়ে দিয়া অভিমতটো উল্লেখযোগ্য - ‘কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা সাহিত্যৰ শিক্ষা’ এটা ইতিহাসমূলক অম্বেষণ। বঙ্গদেশত (কলকাতাত) অসমীয়া চৰ্চাৰ এক সংক্ষিপ্ত ৰেখায়িত চিত্ৰ এই প্ৰবন্ধটোত আমি দেখিবলৈ পাওঁ। প্ৰবন্ধটোক কলিকতা - অসম সম্পৰ্কৰ এক অজ্ঞাত অধ্যায়ৰ উন্মোচন বুলি ক'ব পাৰোঁ। প্ৰৱন্ধটোৰ মাজেৰে লেখকৰ নিজৰ জাতি আৰু ভাষাসত্তাৰ প্ৰতি প্ৰতি দায়বদ্ধতা ফুটি উঠিছে। তেওঁ প্ৰবন্ধটোৰ এঠাইত উল্লেখ কৰিছে - “ভাৰতবৰ্ষৰ প্ৰথম আৰু আগৰণুৱা বিশ্ববিদ্যালয়খনত অসমীয়া ভাষা - সাহিত্যৰ শিক্ষা বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা ব্যক্তিসকলৰ বিষয়ে আজিও বিশেষ আলোচনা হোৱা নাই। কিছুমান নথি আৰু তথ্য কেতিয়াও বিচাৰি নোপোৱাকৈ হেৰাই গৈছে। কিন্তু অদ্যপি পাব পৰা সমলসমূহৰ আধাৰত এই বিষয়ে এখন গ্ৰন্থ প্ৰস্তুত কৰাটো বৰ জৰুৰী হৈ পৰিছে।”
হেমচন্দ্ৰ গোস্বামীঃ
গ্ৰন্থখনৰ দ্বিতীয় প্ৰবন্ধটোত হেমচন্দ্ৰ গোস্বামীৰ সম্পৰ্কে উল্লেখ কৰিছে। পুৰণি পুথি সংগ্ৰহৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। গৱেষণামূলক দৃষ্টিভংগীৰে ‘ডেচক্ৰিপটিভ কেটেল’গ অৱ আছামিজ মেনুস্ক্ৰিপ্ট’ গ্ৰন্থখনৰ অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ ক্ষেত্ৰখনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনকে প্ৰমুখ্য কৰি বিভিন্ন ব্যক্তিৰ কাম আৰু চিন্তাক আগুৱাই লৈ যোৱাত তেওঁ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰবন্ধটোৰ প্ৰাৰম্ভিক পৰ্যায়তে হেমচন্দ্ৰ গোস্বামীৰ চমু পৰিচয় উল্লেখ কৰিছে। ইয়াৰোপৰি গুণাভিৰাম বৰুৱাৰ সৈতে হেমচন্দ্ৰ গোস্বামীৰ সম্পৰ্ক, তেওঁৰ নেতৃত্বত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ কথাও উল্লেখ কৰিছে। জোনাকী আলোচনীৰ দায়িত্ব গ্ৰহণ কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীৰ ভূমিকা সম্পৰ্কেও কিছু আভাস দিয়া হৈছে। ইয়াৰোপৰি হেমচন্দ্ৰ গোস্বামীৰ ব্যক্তিত্বৰো নিভাঁজ বৰ্ণনা দিয়া হৈছে। ১৯ বছৰ বয়সত তেওঁ অ .ভা.উ.সা সভাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনত অসমীয়া ভাষা সম্পৰ্কীয় সুদীৰ্ঘ বক্তৃতা প্ৰদান কৰে। তেওঁ অধ্যয়ন কৰা কলেজত প্ৰধান বিষয় হিচাপে তেওঁ লৈছিল - গণিত, পদাৰ্থ বিজ্ঞান, বুৰঞ্জী আৰু সংস্কৃত। তেওঁৰ বিজ্ঞানসন্মত কৰ্মৰ যোগেদি অসমীয়া জাতিসত্তা প্ৰতিষ্ঠাৰ সংগ্ৰামৰ কেইবাটাও দিশত নেতৃত্ব দিব পাৰিছিল। এই দিশবোৰৰ উপৰিও গেইটৰ সহযোগত তেওঁ প্ৰায় দুবছৰ অসমৰ ইতিহাস অধ্যয়ন কৰি সংগৃহীত আটাইবোৰ গ্ৰন্থ আৰু সমলৰ সাৰাংশ ইংৰাজীত লিখে। ইয়াৰোপৰি শিলালিপি, বৰটোপৰ লিপি, তাম্ৰলিপি আদিৰো ইংৰাজী অনুবাদ কৰিছিল। হেমচন্দ্ৰ গোস্বামীৰ পুৰাতত্বৰ প্ৰতি অধ্যয়ন স্পৃহা আছিল অপৰিসীম। এনে অধ্যয়নস্পৃহা দেখি ১৯০২ চনত তেওঁক অতিৰিক্তকৈ গৰ্ডনৰ লগত জাতিসত্ব বিভাগৰ সহকাৰী বিষয়াৰ দায়িত্বও দিয়া হয়। গৰ্ডনৰ সৈতে হেমচন্দ্ৰ গোস্বামীয়ে যুটীয়াভাৱে হেমকোষ সম্পাদনা কৰিছিল। গ্ৰীয়াৰ্ছনে Linguistic Survery of India প্ৰণয়ন কৰোঁতে অসমীয়া ভাষাৰ বিশিষ্টতা প্ৰতিপন্ন কৰিব পৰা সমলসমূহো প্ৰস্তুত কৰি দিয়ালৈকে গোস্বামীয়ে ভূমিকা গ্ৰহণ কৰিছিল। ১৯০৯ চনৰ পৰা হেমচন্দ্ৰ গোস্বামী কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকত প্ৰস্তুতৰ কামতো জড়িত আছিল। ইয়াৰোপৰি গোৱালপাৰা জিলাত অসমীয়া চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া, অসমৰ পুৰণি পুথিৰ সংগ্ৰহ আৰু সম্পাদনা কৰা, অসমৰ এখন ডাঙৰ বুৰঞ্জী প্ৰণয়নৰ পৰিকল্পনা কৰা, সাৰ্থক উত্তৰ সাধক সৃষ্টি কৰালৈকে তেওঁৰ ভূমিকা আছিল সুদূৰপ্ৰসাৰী। মুঠতে পৃথক দৃষ্টিভংগী আৰু গৱেষণামূলক কৰ্মৰাজিৰে তেওঁ অসমীয়া ভাষা - সাহিত্যৰ বাবে যি দি থৈ গ'ল সেয়া আছিল শলাগীবলগীয়া।
শিক্ষাবিদ গোহাঞিবৰুৱাঃ
“জাতীয় ঐতিহ্য আৰু সাহিত্য” - গ্ৰন্থখনৰ তৃতীয় প্ৰবন্ধটো হৈছে শিক্ষাবিদ গোহাঞিবৰুৱা। উক্ত প্ৰবন্ধটোত গোহাঞিবৰুৱাৰ কৰ্মৰাজিৰ বিশ্লেষণ লেখকে সূক্ষ্মাতিসূক্ষ্মভাৱে কৰিছে। পদ্মনাথ গোহাঞিবৰুৱা এগৰাকী উল্লেখযোগ্য সাহিত্যিক হোৱাৰ লগতে শিক্ষকতা, পাঠ্যপুথি প্ৰণয়নৰ পৰা আৰম্ভ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকত প্ৰস্তুত কৰালৈকে তেওঁ ভূমিকা পালন কৰিছিল। ১৮৩৬ চনত অসমৰ সকলো চৰকাৰী কাৰ্যালয়ৰ পৰা অসমীয়া ভাষাৰ অপসৰণ আছিল ভাষাটোৰ বাবে আটাইতকৈ ক্ষতিকাৰক সিদ্ধান্ত। পৰিৱৰ্তী সময়ত বিভিন্ন পৰ্যায়ৰ মাজেৰে ভাষাটোৱে পুনৰ প্ৰতিষ্ঠা লাভ কৰে। চৰকাৰী নিৰ্দেশনা অনুসৰি অসমীয়া ভাষাক বিদ্যালয় পৰ্য্যায়তো স্বীকৃতি দিয়া হ’ল যদিও পাঠ্যপুথিৰ অভাৱ সেই সময়ৰ প্ৰধান সমস্যাৰূপে দেখা দিলে। পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত পদ্মনাথ গোহাঞিবৰুৱাই অগ্ৰণী ভূমিকা লৈছিল। তেওঁৰ অৱদানসমূহ প্ৰবন্ধটোত বিভিন্নধৰণে ভাগ কৰিছে - ১) শিক্ষকতা ২) পাঠ্যপুথি প্ৰণয়ন ৩) শিক্ষা ব্যৱস্থাৰ জৰিয়তে ভাষিক জাতীয়তা প্ৰতিষ্ঠাৰ চেষ্টা ৪) চৰকাৰী শিক্ষানীতি নিৰ্ধাৰণত সহযোগিতা ৫) কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকত প্ৰস্তুত কৰোতা আৰু পৰীক্ষক হিচাপে ৬) শিক্ষণ কলা সম্পৰ্কীয় চৰ্চা আৰু গ্ৰন্থ প্ৰণয়ন। অসমীয়া শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ ৰচনা কৰা পুথিসমূহ হ’ল – নীতিশিক্ষা, আদি শিক্ষা, মহাৰাণী, অসম বুৰঞ্জী, হিন্দু বুৰঞ্জী, সাহিত্য সংগ্ৰহ (১৮৯০), জীৱনী সংগ্ৰহ (১৯১৫), বুৰঞ্জীবোধ, ভূগোল দৰ্পণ, দেশী কছৰৎ, শিক্ষাবিধি আদি গ্ৰন্থ। তেওঁৰ পাঠ্যপুথি প্ৰণয়ৰ ক্ষেত্ৰত অৱদান সম্পৰ্কে বেণুধৰ শৰ্মাৰ অভিমতটো প্ৰবন্ধটোত উল্লেখ কৰিছে - “ছাত্ৰাৱস্থাত ল’ৰা-ছোৱালীয়ে বেজবৰুৱাৰ নাম বৰকৈ শুনা নাছিল, পদ্ম বৰুৱাক হ’লে প্ৰায় সকলোৱে জানিছিল। কিয়নো, বেজবৰুৱাৰ এখন পুথিও পঢ়াশলীয়া পাঠ্য হোৱা নাছিল, গোহাঞিবৰুৱাৰ কিন্তু এখন নহয় এখন পুথি পাঠ্যৰূপে পঢ়াশালিত চলিছিলেই। গতিকে ল'ৰাৰ আগবয়সত বেজবৰুৱাতকৈ গোহাঞিবৰুৱা বেচি ঘৰুৱা আছিল” প্ৰবন্ধটোত শিক্ষা ব্যৱস্থাৰ জৰিয়তে পদ্মনাথে ভাষিক জাতীয়তা প্ৰতিষ্ঠা কৰা, চৰকাৰী শিক্ষানীতি নিৰ্ধাৰণ কৰাত তেওঁৰ ভূমিকা, কটন কলেজ প্ৰতিষ্ঠাৰ বাবে তেওঁ যুক্তি আগবঢ়োৱা, কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা আদি বিভিন্ন দিশত তেওঁৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে।
গ্ৰন্থখনত প্ৰতিফলিত কেতবোৰ গুৰুত্বপূৰ্ণ দিশঃ
‘জাতীয় ঐতিহ্য আৰু সাহিত্য’ - গ্ৰন্থখন অসমীয়া ভাষা সাহিত্যৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। গ্ৰন্থখন মূলতঃ ঐতিহাসিক অন্বেষণমূলক গ্ৰন্থ। ইয়াৰৌপৰি সাহিত্যৰ নতুন ধাৰা, নতুন দিশৰ অন্তৰ্ভুক্তিয়ে গ্ৰন্থখন সমৃদ্ধ কৰিছে। গ্ৰন্থখনৰ ১৫টা প্ৰবন্ধ আছে। প্ৰতিটো প্ৰবন্ধৱই সুকীয়া বৈশিষ্ট্যৰে সমৃদ্ধ। বৈচিত্ৰপূৰ্ণ বিষয় বিশ্লেষণেৰে সমৃদ্ধ তেওঁৰ এই গ্ৰন্থখন অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সংযোজন। গ্ৰন্থখনৰ প্ৰথম তিনিটা অধ্যায়ত প্ৰতিফলিত কেতবোৰ গুৰুত্বপূৰ্ণ দিশ তলত উল্লেখ কৰা হ’ল -
১) অসমীয়া বিষয় সাম্প্ৰতিক অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানৰে এক প্ৰধান বিষয়। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত ভাষাটোৱে সাম্প্ৰতিক নতুন গৱেষণাধৰ্মী কৰ্মৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীক ন জ্ঞানেৰে সমৃদ্ধ কৰি আছে। কিন্তু ভাষাটো ১৮৩৬ চনত অপসৰণ হয় আৰু ১৮৭৩ চনত পুনৰ প্ৰৱৰ্তন হয়। মাজৰ সময়ছোৱাত ভাষাটোৱে প্ৰায় অন্ধকাৰ সময় অতিক্ৰম কৰিছে। অসমীয়া ভাষাটো চৰকাৰী শিক্ষানুষ্ঠানত অন্তৰ্ভুক্ত হোৱা, কলিকতা বিশ্ববিদ্যালয়ত কেনে পৰিক্ৰমাৰ মাজেৰে ভাষাটো প্ৰতিষ্ঠা হ’ল এই সম্পৰ্কে প্ৰণালীৱদ্ধ অন্বেষণ আজিকোপৰ্যন্ত হোৱা নাই। উক্ত গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধটোত লেখকে দূৰদৰ্শী দৃষ্টিভংগী আৰু গভীৰ চৰ্চাৰে এই কেতবোৰ দিশ উল্লেখ কৰিছে। লেখকে প্ৰবন্ধটোৰ এঠাইত উল্লেখ কৰিছে - “ভাৰতবৰ্ষৰ প্ৰথম আৰু আগৰণুৱা বিশ্ববিদ্যালয়খনত অসমীয়া ভাষা সাহিত্যৰ শিক্ষা বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা ব্যক্তিসকলৰ বিষয়ে আজিও বিশেষ আলোচনা হোৱা নাই। কিছুমান নথি আৰু তথ্য কেতিয়াও বিচাৰি নোপোৱাকৈ হেৰাই গৈছে। কিন্তু অদ্যপি পাব পৰা সমলসমূহৰ আধাৰত এই বিষয়ে এখন গ্ৰন্থ প্ৰস্তুত কৰাটো বৰ জৰুৰী হৈ পৰিছে।” [জাতীয় ঐতিহ্য আৰু সাহিত্য (পৃষ্ঠা - 42 ) ]
২) “হেমচন্দ্ৰ গোস্বামী "শীৰ্ষক প্ৰবন্ধত হেমচন্দ্ৰ গোস্বামীৰ ভাষা সাহিত্যৰ প্ৰতি অৱদানকাৰী লগতে তেওঁৰ অসমীয়া সমাজ-সংস্কৃতিৰ প্ৰতি থকা অনুৰাগ আৰু শ্ৰদ্ধাও প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে। ইয়াৰোপৰি হেমচন্দ্ৰ গোস্বামীৰ গভীৰ আৰু গৱেষণামূলক দৃষ্টিভংগীৰ বিভিন্ন দিশ প্ৰবন্ধটোত লেখকে স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। লেখকে প্ৰবন্ধটোৰ এঠাইত উল্লেখ কৰিছে - “কলেজীয়া ছাত্ৰীসকলে কেৱল অসমীয়া ভাষাকে নহয় অসমীয়া জাতিসত্তাৰ স্বকীয়তা প্ৰতিষ্ঠাৰ বাবে আৰম্ভ কৰা এই নৱজাগৰণৰ ইতিহাস পঢ়িলে শিঁহৰিত হ’ব লাগে।” লেখকৰ উক্ত বাক্যই পাঠকক কিছু পৰিমাণে হ'লেও ভাষাটোৰ প্ৰতি দায়ৱদ্ধতা বৃদ্ধি কৰিছে। হেমচন্দ্ৰ গোস্বামী সম্পৰ্কীয় তথ্যবোৰ যিদৰে তেওঁ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে, তেনে বিশ্লেষণ খুব কম পোৱা যায়।
৩) পদ্মনাথ গোহাঞিবৰুৱাক সাম্প্ৰতিক সময়ত সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে সাহিত্যিক হিচাপেই অধ্যয়ন কৰে। তেওঁ নাটক, কবিতা, উপন্যাসৰ উপৰিও আন কেইবাটাও দিশত জাতীয় জীৱনক সমৃদ্ধ কৰিছে। লেখকে গোহাঞিবৰুৱাৰ আন দিশবোৰৰ অনুধাৱন কৰি তেওঁক শিক্ষাবিদ বুলি অভিহিত কৰিছে। অসমীয়া ভাষাত শিক্ষকতাৰ প্ৰণালী সম্পৰ্কীয় প্ৰথমখন গ্ৰন্থ তেওঁৱেই ৰচনা কৰিছিল। তেওঁৰ শৈক্ষিক জীৱনৰ পৰা শিক্ষণ_ কলা সম্পৰ্কীয় চৰ্চ্চাসমূহৰো উল্লেখ তেওঁ “শিক্ষাবিদ গোহাঞিবৰুৱা” প্ৰবন্ধটোত কৰিছে।
৪) ‘শিক্ষাবিদ’ শব্দটোৰ প্ৰয়োগৰ ক্ষেত্ৰত সাম্প্ৰতিক মানুহৰ মাজত যি ভুল ধাৰণা তাৰো স্পষ্ট উল্লেখ লেখকে কৰিছে l লেখকে উল্লেখ কৰিছে - “বর্তমান অসমত ‘শিক্ষাবিদ’ শব্দটো অবাধে প্রয়োগ কৰা হয়। বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰপৰা অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা সকলোকে ‘শিক্ষাবিদ’ বোলাৰ প্ৰৱণতা ইতিমধ্যে গঢ় লৈ উঠিছে। উপাচার্য, অধ্যক্ষ, পঞ্জীয়ক আদি পদৰপৰা অৱসৰ লোৱাসকলক বিনাদ্বিধাই শিক্ষাবিদ বুলি কৈ দিয়া হয়। পিছে শিক্ষাবিদ শব্দটোৰে কেৱল শিক্ষকতাৰ লগত জড়িত ব্যক্তিক বুজোৱা নহয়। শিক্ষা প্রতিষ্ঠানৰ প্ৰশাসনিক কামৰ লগত জড়িতসকলো শিক্ষাবিদ নহয়। এজন শিক্ষাবিদ হ’ল শিক্ষা জগতৰ তাত্ত্বিক আৰু প্রায়োগিক দিশৰ বিশেষজ্ঞ। তেওঁ সামগ্রিক শৈক্ষিক উত্তৰণৰ হকে উপায় উদ্ভাৱন কৰে আৰু ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। কেৱল শিক্ষক, অধ্যাপক বা অধ্যক্ষৰ পদবীত চৰকাৰী চাকৰি কৰাসকল কোনো কাৰণতে শিক্ষাবিদ নহয়।”
৫) “জাতীয় ঐতিহ্য আৰু সাহিত্য” - গ্ৰন্থখনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ - লেখকৰ সংযত আৰু পৰিমিত ভাষাৰ প্ৰয়োগ। তেওঁৰ প্ৰবন্ধসমূহত পৰিমিত ভাষাৰ যোগেদি জাতীয় ঐতিহ্য সম্পৰ্কীয় সূক্ষ্ম আৰু গভীৰ অধ্যয়নৰ চানেকি দাঙি ধৰিছে। লগতে প্ৰখৰ অন্তৰ্দৃষ্টিৰে সমাজ আৰু ইতিহাসৰ কেতবোৰ প্ৰাসঙ্গিক দিশৰ অভিব্যক্তি দাঙি ধৰিছে। সজীৱ মৌলিক চিন্তা আৰু ভাবৰ সংগতি ৰাখি প্ৰবন্ধসমূহৰ গতি আগবাঢ়ি যোৱাত পাঠকৰ বাবে প্ৰবন্ধসমূহ উপযোগী হৈছে।
উপসংহাৰঃ
আলোচনাৰ শেষত আমি সিদ্ধান্তলৈ আহিব পাৰোঁ যে গ্ৰন্থখন গুনগত আৰু প্ৰকৃতাৰ্থকভাৱে ঐতিহাসিক মূল্যসমৃদ্ধ গ্রন্থ। গ্ৰন্থখনৰ অধ্যয়নে নবপ্ৰজন্মক ইতিহাসৰ মূল্য সম্পৰ্কে সঠিক আভাস দিয়াৰ লগতে তেওঁলোকৰ হৃদয়ত জাতীয় ঐতিহ্যৰ প্ৰতি দায়ৱদ্ধতাৰ ভাব গঢ়ি তোলাত সহায় কৰিব। গতিকে বৌদ্ধিক জগতখনৰ বাবে “জাতীয় ঐতিহ্য আক সাহিত্য” - গ্রন্থখন এক অমূল্য সম্পদস্বৰূপ।

No comments:
Post a Comment