বিবৰ্ণ সময়ৰ প্ৰলাপ
জগত পাঠৰী
মাজুলী
শীতৰ সেমেকা নিশা বোৰ
শুই আছে ফাগুনৰ শেঁতেলীত
হিম চেঁচা বতাহৰ আচোৰত
সময়বোৰ নিস্তেজ হৈ আছে এতিয়াও কন্দোৱাই
শীতাৰ্ত উজাগৰি নিশা বোৰ।
ফাগুন অহাৰ বতৰা পাই
এজাক উতনুৱা সপোন
পলাশ শিমলুৰ দৰে
ৰঙীন হ'ব খোজে আকৌ এবাৰ
দুহাত প্ৰসাৰিত কৰি
উৰিব খোজে চিলাৰ দৰে
শুভ্ৰ মেঘৰ আঁৰে আঁৰে।
প্ৰকৃতিৰ নিৰৱ উচুপনিত
ফাগুনে থমকি ৰয়
ধূলিয়ঁৰি বাটত বাট হেৰাই
অপেক্ষাকৃত সকলোৱে
এজাক দোপাল পিটা বৰষুণত তিতি
ধোৱাই দিব খোজে
ধূলিয়ঁৰি ভাগৰুৱা দেহা।
চিৰিলিপতীয়া কলপাতত
ময়োচোন লিখা ৰাখিছিলো
তোমাৰ নামৰ আদ্যাক্ষৰটো
খোদিত কৰি ৰাখিছিলো
তোমাৰ মোৰ নিবীড় ক্ষণবোৰ
ফাগুন আহিব সোণালী পথেৰে
তাতেই সিঁচি দিম ভাল পোৱাৰ অক্ষয় বীজ।
চাৰিওফালে হিংসা অসূয়া
প্ৰকৃতিৰো ধ্বংস লীলা
ৰঙীন ফাগুনো শেঁতা বিবৰ্ণ আজি
কৰাল গ্ৰাসৰ হাতোৰাত
দুৰ্বিহৰ আৰ্তনাদ
বিষাদৰ জলধাৰাত
সান্ধ্য স্নান কৰি অপেক্ষাকৃত এজাক মূষলধাৰ বৰষুণৰ বাবে।

No comments:
Post a Comment