বৰষা ফাগুনৰ প্ৰথম প্ৰেয়সী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

বৰষা ফাগুনৰ প্ৰথম প্ৰেয়সী

 

বৰষা ফাগুনৰ প্ৰথম প্ৰেয়সী


                                                অৰ্চনা ঠাকুৰীয়া 


ফাগুন

এজন উন্মাদ পুৰুষ

মন গ’লেই খহাব পাৰে 

প্ৰকৃতিৰ গাভৰু দেহৰ সেউজীয়া বসন


তেওঁৰ চঞ্চল খোজ আৰু বহল বক্ষই 

মতলীয়া কৰে কোনো পাটগাভৰুৰ

উৰুঙা হৃদয়


বৰষা

ফাগুনৰ প্ৰথম আৰু প্ৰণৎ প্ৰেয়সী

ভিজা হাতেৰে

তাই ফাগুনক সাৱটি লয়

সেমেকা আঙুলিৰে চুলিৰ মেঘত বোৱাই দিয়ে

ভালপোৱাৰ প্লাবন 


পছোৱা

বৰষাৰ আন এজন প্ৰেমিক পুৰুষ

উন্মাদ, উন্মত্ত, উদণ্ড

প্ৰেমৰ নামত কামনা বাসনাক একাকাৰ কৰি

উৰুৱাই লৈ যোৱা নিপুণ সৈনিক


এই ত্ৰিকোণ প্ৰেমকাহিনী আগবাঢ়ে

সকলো কথাই জ্ঞাত সকলোৰে

কাৰো ক’তো ঈৰ্ষা নাই


এসময়ত 

বৰষা অতিষ্ঠ হয় দুজন মদমত্ত পুৰুষৰ বাহু বন্ধনত

তাইক সহযোগ কৰিবলৈ

মেঘে ডম্বৰু বজাই তাড়ানা গায়

তালে তালে

তাইও তাণ্ডব নাচি

শ্ৰাৱণ মালিতাৰে প্লাবন মাতে


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages