৮ গ্ৰামৰ কাণফুলি
নৱনীতা ডেকা
সুখবোৰ দেখুৱাবলেও
এখন বজাৰ লাগে
তেতিয়াহে আনে দেখিব,
দেখিলেহে জুখিব
মুখেৰে নকলেও
তুমি কিমান সুখী।
সুখী হোৱাৰ অভিনয়
সাংঘাটিক তোমাৰ
বুকুৰ খহনীয়াক, হাঁহিৰ হিজাবেৰে
আৱৰি ৰখাৰ কৌশল জানা তুমি।
ফেচবুক, ইনষ্টাৰ মেলাত
সুখৰ মধুচন্দ্ৰিকা
দুখে ধৰফৰাই
হুমুনিয়াহেৰে যে তাৰ পৰকীয়া
কোন কাহানীৰে
চাওঁ চুলিখিনি কাণৰ কাষত
সোমোৱাই লোৱা
৮ গ্ৰামৰ কাণফুলি পাত দেখিলেই
অংক এটা কৰিব
তুমি নজনাকে
তুমি কিমান সুখী।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment