বিশ্বাস
ক্ষিতিশ মিৰি
মদাৰ ফুলৰ দৰে সেওঁতাত
বিশ্বাসৰ ফুল ফুলে
হেৰাই বাঁহ খৰিৰ জুইৰ দৰে
আজিৰ মানুহৰ চিকাৰী চকুৰ নিপুণ হাত
কোনোবা বিশ্বাসীৰ হেৰাই আঁত
মানুহে কয়, অঙঠাত জুই ধৰা দিন গ’ল
এতিয়া মাথোঁ ট্ৰেডিং আৰু ট্ৰেণ্ডিং
কাকনো কৱা!
কাকনো বুজাবা!
বুজিবানো কাক!
কোন বাটে বুলিবা বাট
সৱেইচোন ঠেৰো ছিগা।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment