ফাগুন আহিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

ফাগুন আহিল

 

ফাগুন আহিল


                         নাছিৰ আহমেদ 

              শিমলাবাৰী, গোৱালপাৰা


পছোৱা বতাহে কাণে কাণে কয়,                    

ফাগুন  আহিল।

গছৰ পাতৰ আঁৰত থকা কুলিৰ মৌ-বৰষা মাতত

প্ৰকৃতি- দেৱীয়ে গালে- মুখে সানিলে ৰং।

আকাশেও ঢোলে-ডগৰে এপাক নাচিবলৈ          

দু-ভৰিত পিন্ধিলে  নূপুৰৰ ৰুণুজুণু!

ফাগুন আহিল, ফাগুন আহিল! 


সৱিতাৰ ছোৱালীজনীও পাটগাভৰু হ’ল।

তাইৰ বুকুত এতিয়া দপ্ দপ্ কৈ জ্বলি উঠিছে জুই

ছোৱালীজনীৰ উঠন শৰীৰ ঢাকি ৰাখিবলৈ 

                                                                 

তাইৰ যে অকণমান বস্ত্ৰৰো অভাৱ !

বাপেকে যোৱাৰ দিনা বাৰে বাৰে মিনতি কৰিছিল

“নিজে নেখাই, মাইনাজনীক খুৱাবি

নিজে নিপিন্ধি ,তাইক পিন্ধাবি

মাইনাজনীক পঢ়া-শুনা কৰাই ডাঙৰ মানুহ বনাবি”

এতিয়া মাইনাজনী কলৈও ওলাই নেযায় লাজতে!


ফাগুনৰ বা লাগোতেই নেলাগোতেই যেন 

 ফুটন্ত গোলাপৰ কলিটি এতিয়াই মৰহি যায়!! 


হে ফাগুন, তুমি আহিলা ঠিকেই

কিন্তু, 


সবিতাহতঁৰ ঘৰত কেতিয়াবা সানিবা নে

প্ৰাণ উতলা কৰা তোমাৰ বাৰে- ৰহণীয়া ৰং ??


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages