ফাগুন
ৰত্না মৰাণ
বৰগুৰি, তিনিচুকীয়া
ঠক ঠক দুৱাৰত
টুকৰ পৰাত, দুৱাৰ নহয়
খিৰিকী খন খুলি দিলোঁ
উহঃ ধুলিয়ৰি, হিৰ্ হিৰ্ কৰা
এচাতি মলয়া
গাত মেৰিয়াই ধৰিল।
নেমু, ৰবাব ফুলৰ ফৰফৰীয়া
গুন্ধ লগত বিয়পাই আনিল।।
খিৰিকীযেদি জুমি চালোঁ
স্বতন্ত্ৰ এজাক তেজ ৰঙা মদাৰে
মোক যেন ৰিঙিয়াই
নিৰ্লিপ্ততাৰ মন
কিবা ৰিঙা ৰিঙা যেন লাগিল
পলাশৰ প্ৰস্ফুটিত ৰঙেৰে
আকাশে বতাহে যেন শিমলু
তুলা হৈ উৰিম
মন উগুল থুগুল লাগিল।।
ই’কি প্ৰকৃতিৰ ঐশ্বৰিক
ৰূপসজ্জা যেন -
নাভূত নাশ্ৰুত
সৃষ্টিৰ অনবদ্য
কুমল কুঁহিৰ নৃত্য
ভংগীমাৰ লয়লাস
মৌ মাখিৰ মৃদু গুঞ্জন
পক্ষীৰ ৰাগিনী গীত
মই আত্মহাৰা হৈ বুকুৰ
মাজলৈ যেন টানি ল'ম।।
হে ঈশ্বৰ! তোমাৰ সৃষ্টি
এই নব অম্বেষণ, ঋতুৰ ন ৰূপ
সময়ৰ গতিত বৈ যাওঁক
বৈ যাওঁক চিৰন্তন ।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment