ঐয়াও - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

ঐয়াও

 

ঐয়াও


               নৰেন নৰহ

                 লখিমপুৰ 


ঐয়াও সাৰ পায় পহিলা কুকুৰা ডাকত 

তাহাঁতৰ কঁঠাল গছৰ  কিপাৰৰ শব্দত জাগে

হালোৱা এছাৰিৰ চিট চিট মাত

কিম্বা বলদ হাল খেদি বজোৱা বাঁহীৰ সুমধুৰ ধ্বনি 


জাৰকালিৰ লিংলিঙীয়া পুৱতিৰ বাট

চকামকা পোহৰত কুঁৱলী ফালি

হাতে কান্ধে লৈ যায় ওখোন দলিমৰা

দ'ম দ'মকৈ আহু খেতিৰ জাবৰ পৰি আছে পথাৰত


চেঁচা বতাহৰ আলিংগনত

ঐয়াওৰ তেজাল দেহাৰ

শ্ৰমজল দেহতে শুকায়


দলি জাবৰ কৰি মাজে মাজে

অইনিঃতমৰ সুৰৰ লহৰ তোলে

ভাগৰুৱা হালোৱাৰ ভাগৰ হৰে

মন আৰু মাতত জোৰ বাঢ়ে 


ঐয়াওৰ তাঁতশালত

নানা ৰঙৰ এগে গাচৰ ৰিঃবি গাচেং

গনৰ উগন-মিবু গালুকৰ

আপ্পুনবোৰে শোভা বিয়পায়


ঐয়াওৰ সোণোৱালী দুহাতত

প্ৰাণ পাই উঠে

নগজিন-পঃৰ আপং 

পুৰাং আপিন


গাঁৱৰ ডেকা-গাভৰুৰ সৈতে

লৃগাঙত হিয়া উজাৰি

গুমৰাগ চঃমান-মমান কৰি 

সকলো দুখ-ভাগৰ যায় পাহৰি 


 বসন্তৰ পথাৰত কেঁচা বনৰ গোন্ধ

আকৌ অইনিঃতম আনুনিঃতম বতাহত উৰুৱাই

বিন্ধা ডৰাডৰে নিৰনি নিৰাই

ব্যাকুল চকুযুৰি অহা-যোৱা বাটলৈ বাৰে বাৰে চায়


উজানত ধৰা সৰু বৰ মাছেৰে

ৰঙা চাউলৰ ভাত খোৱাৰ হেঁপাহত

একাঁঠু-একঁকাল পানীত বুৰ গৈ

আহু ধান কাটে ভয় এৰি জোকলৈ


এফালে আহু ধান চপোৱাৰ কাম 

আনফালে শালি ধান ৰোৱ-তোলা

লানি নিছিগা  অলিখিত কামৰ তালিকা

ঐয়াওৰ কোনো দিনে আহৰি নাই।

___________________________


বিঃদ্ৰঃ - মিচিং শব্দ 

 কিপাৰ -উৰাল

এগে গাচৰ  - মেখেলা চাদৰ 

গনৰ উগন - চুৰিয়া 

মিবু গালুক -মিবু চোলা

আপ্পুন  - ফুল

নগজিন আপং - বগা মদ

পঃৰ আপং - ছাই মদ 

গুমৰাগ চঃমান - গুমৰাগ নৃত্য

চঃমান-মমান  -  নাচ-গান।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages