অমল দাৱৰ তিনিটা কবিতা
অমল দাৱ
[এক]
কেতিয়াবা ক্ষন্তেক শোৱেনে নদীৰ পানী
জিৰাইনে আহঁতৰ ছাঁত
পাৰত যতে ততে এৰি থৈ আহে জাঁজি
নদীৰ একেখিনি সুঁতত কোনোৱে দুবাৰ ধুব নোৱাৰে গা
তথাপি
নদী আমাৰ জীৱন সহচৰ।
[দুই]
নীলা চৰাই
তোমাক নোপোৱাৰ বেদনাতে তোমাৰ চুবুৰিত বাহ সাজিছোঁ
চকুজুৰিকতো আৰু দুখিব নোৱাৰো
ওলাওঁতে সোমাওঁতে সদায় নেচাওঁ বুলি থাকিবলৈ
কেনেকৈ বুজাও অপ্ৰকাশৰ বেদনা বিশাল
[তিনি]
কলাফুলৰ বোকা ফুল
ক’ত হেৰুৱালো শিমলু ফুলীয়া ইমান ৰঙীন নাৰমাৰি জানৰ জোন
মোৰ চৌপাশ আজিকালি প্ৰতিনিয়ত অবাইচ দিনৰাত চোন
অ’ আধাতিতা মেখেলাৰ কলাফুলত বোকাফুল ফুলীয়া উজান
কেনেকৈ গুচাওঁ
মৌন ওঁঠ- মুখৰ দুখৰ কাবান
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment