জীৱনৰ মূল্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

জীৱনৰ মূল্য

 

জীৱনৰ মূল্য


                 আয়শা ছিদ্দিকা

            বাংলিপাৰা, বৰপেটা


আহ্! মৃতু কিমান সহজ 

জীয়াই থকা কিমান দুৰ্বাৰ 

কত আৰ্তনাদ, কত চিঞৰ 

কত বগা কামিজত ৰক্তৰ 

ছোপ ছোপ কেঁচা ৰক্তিম দাগ।


হুইল চিয়াৰৰ ক্ৰেক ক্রেক শব্দ

আৰু ফ্ল’ৰত অগণন চেণ্ডেলৰ 

 ঘৰ্ষণৰ ছিপ্-ছাপ্ ছিৰ্-চিৰ্ শব্দ 

উফ্! জীৱনৰ মূল্যৰ এক নিদাৰুন 

হিচাপ যেন দি থৈ যায় এই 

অপ্ৰীতিকৰ কিছু শব্দ বন্ধনীয়ে।


সুস্থ দেশৰ সুস্থতাৰ প্ৰমাণ 

পোৱা নাযায় তেতিয়ালৈ যেতিয়ালৈকে 

কোনো হস্পিতালৰ এই কৰুণ দৃশ্যৰ 

চাক্ষুস সাক্ষী স্বৰূপ নিজে নৰয়।


দিন নে ৰাতি বুজাৰ সুযোগ নথকা

জীৱন মৰণৰ ৰূপ নিৰ্ণয় কৰা এই 

শংকাচ্ছন্ন কেন্দ্ৰালয়ৰ ৰহস্য সঁচাই 

যেন অভূত, অকল্পনীয়, ত্ৰাসিত।


ইয়াত কোনো ভেদাভেদ নাই

নাই কোনো জাতি, ধৰ্ম কিংবা সম্প্ৰদায় 

অথবা সেউজীয়া, গেৰুৱা ৰঙৰ 

তুল মাপ কৰাৰো সময় যেন নাই কাৰো 

কোনো দল সংগঠনৰ নিয়মতান্ত্ৰিক 

ভাষণৰ কোনো আভাস নাই ইয়াত।


ৰাজনীতি, কুটনীতি, কোনো এটাও নাই 

আছে মাথোঁ জীয়াই থকাৰ অপৰিসীম

আগ্ৰহ, সুস্থ হৈ পুনৰায় ঘৰলৈ যোৱাৰ 

এক অনবদ্য আশা আৰু এমুঠি হেঁপাহ।


জীৱনতকৈ মৃত্যু সহজ জানিও

জীয়াই থকাৰ সম্ভাৱনা থকাৰ 

শেষ সময়লৈ চেষ্টাৰ ত্ৰুটি নকৰে।

আহা জীৱন! কিয় ইমান মায়াৱী।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages