তোমাৰ হিৰণ্ময়ী হাতৰ স্পৰ্শত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

তোমাৰ হিৰণ্ময়ী হাতৰ স্পৰ্শত

 

তোমাৰ হিৰণ্ময়ী হাতৰ স্পৰ্শত


                                        ৰীতে ৰিদম


তোমাৰ হিৰণ্ময়ী হাতৰ স্পৰ্শত

তোমাৰ হৃদপিণ্ডৰ প্ৰতিটো স্পন্দনৰ স’তে

মই মোৰ হৃদয় সংলগ্ন কৰিব খোজোঁ

অসম্ভৱ আৰু অবিশ্বাস্য যেন লাগিলে

মোৰ হৃদয়খন

তুমি পলিগ্ৰাফ পৰীক্ষা কৰিব পাৰা।


মই সচাঁ কৈছোঁ

নে মিছাক সচাঁৰে প্ৰলেপন দি

সপোনৰ বালিঘৰ সাজি

মোৰ হৃদয়ৰ চাৰিওটা কোঠালী

কেৱল তোমাৰ বুলি অগ্নি চুই কৈছোঁ।


তোমাৰ মনস্তাত্ত্বিক নিজা দৰ্শনেৰে

মোৰ ভালপোৱাক পৰিমাপন কৰি চাব পাৰা

দেখিবা তোমাৰ হৃদয় গহ্বৰত

প্ৰেমৰ ঊর্ধ্বগামী পাৰাস্তম্ভত

মই কিমানবাৰ নিজৰ সন্তুলন হেৰুৱাইছোঁ।


তোমাৰ বাবে মোৰ বুকুৰ ভোগদৈ পথাৰত

ভোকৰ বীজ সিঁচি

প্ৰেমৰ ৰঙা ৰঙা ডালিমগুটিয়া হৃদয়খন

বুকুৰ ভিতৰত আটোম-টোকাৰিকৈ থৈছোঁ।


নাঙলৰ সীৰলুত সেউজীয়া সপোন ৰচা 

মোৰ কৰ্কশ কুঞ্চিত ব্যাকুল আঙুলিৰে

তোমাৰ ছবিটি অংকন কৰি

কেৱল তোমাৰ বাবেই

মই এজন নিপুণ চিত্ৰকৰ হ’লোঁ।


দূৰ দিগন্ত ব্যাপি তোমাৰ প্ৰোজ্জ্বলিত সূৰ্যকণাৰ

হিৰণ্ময়ী হাতৰ স্পৰ্শত

মোৰ অন্ধকাৰ কুঠৰীক পোহৰাব খোজোঁ।


মৃগনাভী সুগন্ধি ৰাতিৰ ঢৌৱে ঢৌৱাই নিয়া

উন্মাদপ্ৰায় ইদ্ৰিয়ানুভূতিৰে 

তোমাৰ নিশ্বাসৰ প্ৰতিটো বিন্দু পঢ়ি

তোমাৰ দেহৰ ভূগোল বুৰঞ্জীৰ জটিল মানচিত্ৰৰ

ৰহস্যময় হ্ৰদ উপত্যকাত

ক্ৰমশঃ মই হেৰাই যাব খোজোঁ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages