হেঁপাহ
দীপালী বৰুৱা
উত্তৰ লক্ষীমপুৰ
বান্ধিব নোৱাৰিলো চাগে
মোৰ হেঁপাহৰ আঁচলত
তোমাৰ কলিজাটো
অথবা...
তোমাকো খুলি দেখুৱাব
নোৱাৰিলো চাগে
মোৰ কলিজাটো।
সেয়েহে ইমান ওচৰত থাকিও
আমি যে কিমান দূৰত !
তুমি দেখোন জানাই
“যৌৱনবোৰ ড্ৰেগনৰূপী হেঁপাহ
ৰঙচুৱা দেহটো বাৰু
আপেক্ষিক অন্ধকাৰ নহয় নে ?”
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment