ফাগুনৰ স্তৱক
মনালিছা শইকীয়া
বোকাখাত
১. শীতত শিল হোৱা গছবোৰে
অপেক্ষা কৰিছিল এজাক বৰষুণলৈ
ধূসৰ কুঁৱলীৰ চাদৰখন আঁতৰাই
লাহে লাহে আহি আছিল ৰ'দকাঁচলি
২. এখিলা দুখিলাকৈ সৰি আছে পাতবোৰ
হালধীয়া সৰাপাতত কত প্ৰেমৰ নিলিখা ইতিহাস
ধূলি ধূসৰিত পৃষ্ঠাবোৰ লুটিয়াই চালে দেখিবা
লঠঙা ডালত নিগৰি অহা নিয়ৰ টোপালৰ বেদনা
৩. উতলা ফাগুনৰ বা লাগি
উৰিছে আজি উতনুৱা চুলি
চুলিৰ মায়াত
বলিয়া মাটিৰ কায়া
ৰাগ বসন্তৰ অনেক উপমা।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment