আজিৰ আকাশ
মেৰী বৰদলৈ
নগাঁও
পদূলিমুৰৰ হাচনাহানা জোপাৰ
কাষতে থিয়হৈ
আকাশখনলৈ চালোঁ
আজি নিশাৰ
আকাশত
জোনটো নাই
বতৰ ডাৱৰীয়া,
হয়তো এচাটি পছোৱা বলিব
কিজানি এজাক
কিনকিনিয়া বৰষুণো পৰিব,
ভালেই হ’ব
কবিৰ উশাহৰ গহনত
ন শব্দই পোখা মেলিব...।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment