কেঁকোৰা
অবিনাশ বাস্তৱ
শাওনৰ শ্ৰান্ত মাটিত
নাঙলৰ আঁচোৰ পেলোৱা পৰত
পুঠি, গৰৈ, দৰিকণাৰ সলনি হাত পৰিছিল
কেঁকোৰাৰ পিঠিত।
পথাৰৰ সৰু সৰু আলিয়েদি সিহঁতে
ওপৰলৈ উঠিবলৈ চেষ্টা কৰে
খুব ধীৰে ধীৰে,
এখোজ দুখোজকৈ আঁঠ সাঁতোৰা কোবাই।
দীঘলীয়া শাৰী......।
এটা ষ্টেচনো পাৰ হ'ব নোখোজা,
সঘনাই ডবা খহি পৰা এখনি যাত্রিবাহী ৰে’লৰ দৰে।
পাছৰ কেঁকোৰাটোৰ আগ ঠেং দুহালিয়ে
আগৰ কেঁকোৰাটোৰ পাছ ঠেং দুহালিত
ব'ৰ আটুম-টুকাৰীকৈ মেৰিয়াই ধৰি
টনা আজোৰা কৰে
এক অদ্ভুত সুৰ-তাল-লয়ত।
আগবাঢ়িব নোৱাৰাৰ যন্ত্রণাত
মৰে সিহঁত।
এয়া যে কেঁকোৰাৰ সহজাত প্ৰবৃত্তি।
ঠিক, এচতা গধুৰ শিলত মুখ গুজি
জীৱশ্ৰেষ্ঠই নিজকে জ্বলাই
নিজক অনুভৱ কৰাৰ দৰে…!
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment