জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

জীৱন

 

জীৱন 


                 জিণ্টু চাংমাই

              চামগুৰি, নগাঁও


১।

শূন্য হৈ ওলমি থকা আলিবাটৰ দুকাষে

ৰ'দ আৱৰি বৰষুণ হৈ ৰৈ আছে অংহিপ,

জীৱ শ্ৰেষ্ঠ পৃথিৱীৰ সন্মুখত বুদ্ধিমান ৰজা 

গছবোৰ অৰণ্য হওঁতে মানুহ হৈছে খৰিকটীয়া।


২।

ভোকৰ জুই থকা আখলত সুলভ মূল্যৰ বিনিময়ত 

সহজলভ্য হৈছে পেটৰ ভোগ,

পদপথত দেখা যায় ভাষণৰ সহজ ভবিষ্যত 

পিতাইৰ পথাৰত ডিঙি মেলি ৰৈছে তেজপ্ৰিয়া জোক।


৩।

যন্ত্ৰণাৰ কাৰাগাৰত জীৱন আবদ্ধ হৈ 

গৱেষণালয় সন্মুখত পৰীক্ষাৰ উত্তৰ বিচাৰি ৰৈ আছে জেপ,

দেশ গঢ়িবলৈ টকাৰ সমানে লাগে কথা;

জীৱন ইপিঠি আৰু সি পিঠিত 

ক্ষন্তেক এটা মুদ্ৰা।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages