আবিৰৰ ৰঙেৰে ফাকু খেলোঁ আহা
জৱাহৰলাল মিলি
গহপুৰ
আহা সখী আজি আবিৰৰ ৰঙেৰে ফাকু খেলোঁ,
যমুনাৰ তীৰত সুমধুৰ মোহন মুৰুলী বজাই;
বৃন্দাবনত মহা ৰঙে আবিৰৰ ৰং সানিবলৈ,
কৃষ্ণৰ স’তে ৰাধা আহিব সুধাম বসুধাম।
ৰামধেনু কৰিব দেহৰ বৰণ আবিৰেৰে,
ফাকুৰ দৌলোৎসৱত উল্লাহিত হ’ব;
গকুল বৃন্দাবন ৰঙেৰে তিৰবিৰাই বসন্তই প্ৰাণ পাই উঠিব ধৰিত্ৰী।
পশু পক্ষী, তৰু তৃণ নয়ণ ভৰি যাব,
পুষ্পাঞ্জলি চটিয়াব সৰগৰ সমস্ত দেৱ দেৱী গণে;
নৈ জান জুৰি,
পৰ্বত পাহাৰ একেধাৰে ববলৈ ওচৰ চাপি আহিব।
আহা সখী আজি আবিৰেৰে ফাকু খেলোঁ,
সপ্ত ৰঙী ফাগুনৰ সমীৰণত সলনি কৰোঁ জীৱনৰ ৰং;
সুখ আৰু আনন্দৰে উপচি পেলাওঁ।
দুখময় মনৰ ক’লা ডাৱৰৰ বতৰ,
আজি এই শুভ দিনত সৰগৰ অপেশ্বৰীগণে নাচিছে মুৰুলী মোহন সুৰৰ লহৰত,
মা জননী ধৰিত্ৰীয়ে নতুন বস্ত্ৰ সলালে;
উলাহত ৰমকে জমকে আহা আমি ফাকু খেলোঁ আজোনে কাচোনে,
আবিৰৰ ৰঙেৰে ৰঙীন হৈ জীৱন ৰঙৰ সমুদ্ৰৰ অগভীৰ প্ৰান্তে প্ৰান্তলৈ।

No comments:
Post a Comment