অনুভৱৰ অনামী বেদনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

অনুভৱৰ অনামী বেদনা

 

অনুভৱৰ অনামী বেদনা


                                           ৰাবিয়া বেগম

                                                গুৱাহাটী


অব্যক্ত অনুভৱৰ চেপাত

অক্লান্ত আশ্বাসবোৰে ৰিঙিয়াই মাতে

অজানিতে অতি আলফুলে,

এক অনামী শিহৰণে

কিছু অবুজ বেদনাৰ সংমিশ্ৰণত

সৃষ্টি কৰে এখনি মৰমৰ সাঁ‌কো

যাৰ সিটো পাৰত ফুলি আছে এপাহ ৰঙা গোলাপ।

প্ৰিয়জনৰ হাতত হাত থৈ 

ৰঙা গোলাপ পাহ চাই ৰবলৈ

হেপাহ মাথোঁ বহুদিনীয়া,

প্ৰিয়জনৰ দুচকুত দুচকু থৈ

এসাগৰ মৰমৰ মাজত বিলীন হ’বলৈ 

আৱেগ মাথোঁ বহুদিনীয়া।

ফাগুনৰ উন্মনা পচোৱাজাকত

সৰাপাতৰ আঁ‌ৰে আঁ‌ৰে

ধূলিয়ৰি বাটেৰে মৰমৰ মৰমবোৰে

কঢ়িয়াই আনে এবুকু ভালপোৱা

অজস্ৰ হাঁ‌হিৰ মুকুতা মণিৰ পৰশত

নিষ্পাপ প্ৰেমৰ পচোৱা

প্ৰিয়জনৰ প্ৰিয়জনলৈ বুলি।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages