অৱসৰী জীৱনৰ ডায়েৰী
ড° ইকবাল হোচেইন খান
এতিয়া কথাবোৰ সপোন সপোন লাগে
কত যে কথা নিৰৱে নিৰলে মনলৈ আহে
অ’ত ত’ত সিঁচৰতি হৈ আছে হেজাৰ হেজাৰ অভিজ্ঞতাৰ কাহিনী।
এতিয়া তাৰে পৰাই পাঠ কৰোঁ
এটি এটি বিষাদৰ কবিতা
যেন তলসৰা জীৱনৰ কাহিনী
সৰি যে পৰিছে নিয়মৰ শলিতা
ধ্বংসৰ পিয়লাত এতিয়া কেৱল হুমুনিয়াহ
যেন তেনেকুৱা - “দুখৰ ৰাতি নাযায় নুপুৱায়।”
এৰি অহা জীৱনৰ কথাৰে
সোঁৱৰণ কৰো বিষাদক
বাকী দিনবোৰ যেন তাৰেই প্ৰতিবিম্ব
আৰু তো নাহে দুনাই
সেই কৰ্মঠ ফাগুনৰ আত্মকথা
সেইবাবেই ক্ষুধাতুৰ সময়ক
ধৰি ৰাখোঁ নিৰৱতাত।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment