ফাগুন
ধ্ৰুৱজ্যোতি বৰা
টটয়া গাঁও, মাজুলী
আকৌ আহিছ তই চঞ্চল ফাগুন
মদাৰ, পলাশ, শিমলুৰ লঠঙা ডালত
বুলাবলৈ তেজ ৰঙা ৰং !
আকৌ আহিছ তই
দুষ্ট ফাগুন,
সখীয়তী ধুলিৰে মিতিৰালি পাতি
উৰুৱাবলৈ গাভৰুৰ বুকুৰ আচল !
আকৌ আহিছ তই
নষ্ট ফাগুন
সৰাপাতত সুৰ বিলাই
সৰাপাতৰ কলিজা বগাই
সিঁচিবলৈ মৃত্যুৰ দুৱাৰত
নৱ জীৱনৰ প্ৰতিশ্ৰুতি….
আকৌ আহিছ তই
মাতাল ফাগুন
আলি আই লিগাংত ফটিকাৰ নিচাত
মাতাল কৰিবলৈ পৃথিৱী!
আকৌ আহিছ তই
প্ৰেমিক ফাগুন!
ফাকুৰৰ নানা ৰঙী আবিৰেৰে ঢাকিবলৈ প্ৰেয়সীৰ চিকুণ গাল।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment