নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

নীলা খামৰ চিঠি

 


নীলা খামৰ চিঠি 


অঞ্জলী বৰদলৈ

গোলাঘাট


প্ৰতি কল্যাণ,

      প্ৰথমে মোৰ মৰম ল’বা। তোমাৰ চিঠিৰ উত্তৰ দিম দিম কৰি কেইবাদিনো পাৰ হ’ল। মাজতে জ্বৰ-কাহ হৈছিল। বৰ্তমান আৰোগ্য হৈছোঁ। আশা কৰোঁ তুমি ভালে আছা আৰু সাহিত্য চৰ্চাও কৰি আছা। আগতে আমি কৰা সাহিত্যিক আড্ডাবোৰলৈ কেতিয়াবা বৰকৈ মনত পৰে। 

      তোমাৰ শেহতীয়া গল্প সংকলন ‘সৰ্বোচ্চ সন্মান’খন পঢ়ি খুব ভাল লাগিল। আটাইকেইটা গল্প উন্নতমানৰ হৈছে। বিশেষকৈ সৰ্বোচ্চ সন্মান গল্পটোত তুমি পঢ়ুৱৈৰ আদৰকে শ্ৰেষ্ঠ সন্মান বুলি যে বুজাইছা সুন্দৰকৈ সেই কথাটো গল্পটোত ফুটি উঠিছে। এই কথাটোৱে মোৰ অন্তৰ স্পৰ্শ কৰি গ'ল।

    বাৰু মই কি কৰি আছোঁ তুমি জানিবলৈ বিচাৰিছিলা নহয়! অলপতে ‘ইউ-টাৰ্ণ’ নামেৰে এখন অণুগল্প সংকলন প্ৰকাশ কৰিলোঁ। অসম ভিত্তিত হোৱা অণুগল্প পাণ্ডুলিপি প্ৰতিযোগিতাত সেইখনে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয়। ভাল খবৰটো তোমাক জনাবলৈ পাই সুখী হৈছোঁ। বৰ্তমান সাহিত্য কৰ্মশালা এখনত অংশগ্ৰহণ কৰিছোঁ। তাত গল্প লিখনৰ বিষয় কিছুমান দিছিল। মই আন্তঃসাংস্কৃতিক সাহিত্যৰ প্ৰবাসী অসমীয়াৰ আত্ম পৰিচয়ৰ সংকট, দ্বৈত-সংস্কৃতিৰ বিড়ম্বনাৰ বিষয়টো বাছি লৈছিলোঁ। কিন্তু জ্বৰ-কাহ হোৱাৰ বাবে বেছি ভাবিবলৈ মন নগ’ল, সেইবাবে পাঞ্জাবী আৰু অসমীয়া পৰিয়াল দুটাৰ মাজৰ দ্বৈত-সংস্কৃতি দেখুৱাই গল্প এটা লিখিলোঁ। তোমাক পঢ়িবলৈ দিম বাৰু। 

    তোমাৰ নিমন্ত্ৰণ মৰ্মে আমাৰ পৰিয়ালটো আলি আঃয়ে লৃগাং চাবলৈ যাম বুলি ঠিক কৰিও স্বাস্থ্যজনিত কাৰণত যাব নোৱাৰিলোঁ। তোমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি বৰ দুখ লাগিল। বেয়া নাপাবা। 

    ব'হাগ বিহুৰ সময়তে তোমালোকক  আমাৰ ঘৰলৈ নিমন্ত্ৰণ দিয়াৰ কথা ভাবিছোঁ। তেতিয়া দুয়ো লগ লাগি সাহিত্যৰ কথা,সংস্কৃতিৰ কথা, আমাৰ সৃষ্টিশীলতাৰ কথা আলোচনা কৰাৰ লগতে আমাৰ যুটীয়াভাবে দুটা ভাষাত গল্প-সংকলনৰ ভৱিষ্যত পৰিকল্পনাটোৰ বিষয়ে আলোচনা কৰিম।

      চিঠিৰ উত্তৰ দিবা। শেষত তোমাৰ লগতে পৰিয়ালটিলৈও মৰম যাচিলোঁ। সাহিত্য চৰ্চা কৰি যোৱা, আন্তৰিক শুভেচ্ছা জনালোঁ। 


মৰমেৰে 

অঞ্জলী


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages