কিছু চিন্তনীয়
মুনমী ভট্টাচাৰ্য
ফটকাৰ ধোঁৱাই কিমান অপকাৰ কৰে সেই কথা সকলোৱে জানো। বিশেষকৈ শিশু, হাপানী, কাহ, হাৰ্ট আৰু হাওঁফাওঁৰ অসুখ আদিত ভুগি থকা লোকসকলৰ বাবে এই শব্দ আৰু ধোঁৱা অতিকৈ মাৰাত্মক বুলি ক'ব পাৰি। আগতে দেৱালীৰ দিনটোতে ফটকা ফুটোৱা সীমাবদ্ধ আছিল যদিও ক্ৰমান্বয়ে হকে - অনাহকে মানুহে ফুটায়েই থকা হৈছে। আজিকালি প্ৰায়বোৰ বিয়াতে দৰা আদৰাৰ সময়ত ফটকা ফুটোৱাৰ এক নতুন পৰম্পৰা কৰি লৈছে। এটা দুটা নহয় বহুতো। এই ধোঁৱাই যে কেৱল মানুহৰে অপকাৰ কৰে সেয়া নহয়; প্ৰকৃতি আৰু অন্য জীৱকো এই শব্দ, ধোঁৱাই ত্ৰাসিত কৰি তোলে। এটা নতুন জীৱন আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাকমুহূৰ্তত ওচৰে - পাজৰে থকা গছ-গছনি, জীৱ-জন্তু, চৰাই, বায়ুমণ্ডল আদিক প্ৰদূষিত কৰাটো উচিত হয় জানো ? সেইবোৰো জীৱই, সিহঁতৰো থাকে শান্তিৰে থকাৰ অধিকাৰ। মনৰ ভাৱবোৰ মহাজগতত তৰংগ হিচাপে সিঁচৰতি হৈ ফুৰে। সেয়ে মনেৰে সৈতে যদি আমি প্ৰকৃতি আৰু অন্য জীৱকূলৰ হিত কামনা কৰোঁ সিহঁতেও আমাক আশীৰ্বাদ দিব। প্ৰকাশ কৰিব নাজানিলেও সকলো জীৱৰ অনুভৱন শক্তি থাকে। কিন্তু আমি মানুহবোৰে খন্তেকীয়া উল্লাসৰ বাবে পাহৰি যাওঁ ফটকাৰ সেই বিকট গৰ্জনত সৰু সৰু চৰাইবোৰে কিমান ভয় কৰে। লগতে সেই ধোঁৱা বহু সময়জুৰি বিয়পি থকাৰ ফলত বায়ুও প্ৰদূষিত হৈ পৰে যাৰ ফলত সকলোৰে স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে। বিয়া এখনত মানুহে ফূৰ্তি কৰিবই। কিন্তু আনন্দ প্ৰকাশৰো বিভিন্ন উপায় থাকে। এই অপকাৰী আনন্দক নোহোৱা কৰিবৰ বাবে সময় থাকোঁতেই আমি সকলোৱে সচেষ্ট হোৱাৰ প্ৰয়োজন। কাৰণ প্ৰকৃতি সুস্থ থাকিলেহে আমিও স্বাস্থ্যকৰ জীৱন ধাৰণ কৰিব পাৰিম।

No comments:
Post a Comment