নাৰী তুমি অনন্যা
উৰিশ্মা নাথ
গৰুখুটি, দৰং
নাৰী তুমি অনন্যা
ৰজনী জোনাকী তুমি,
পুৱাৰ ৰ'দালি তুমি,
দধীচিৰ দৰে আত্মবলিদান দিয়া
তুমি জয়-পৰাজয়ৰ যুদ্ধত,
কেঁকোৰাৰ দৰে নিজকে নিঃশেষ কৰা
তুমি পুত্ৰৰ প্ৰতি থকা মৰম-স্নেহত।
মোৰ লখিমী তুমি,
মোৰ নিৰ্ভয়তা তুমি,
মোৰ ধৰণী জেউতি তুমি,
তুমিয়েই মোৰ প্ৰথম পৰিচয়,
প্ৰথম আখৰো তুমি,
তুমি মোৰ ভগৱান,
তুমি মোৰ সকলো,
তুমি অবিহনে মই যেন উদং।
বৰষুণ দিলে জাপি তুমি,
ৰ'দ দিলে ছায়া তুমি,
দৰ্শনেন্দ্ৰিয় চালেই বুজি পোৱা তুমি,
সুখত আছোঁ নে দুখত আছোঁ।
মৰমৰ নৈ তুমি,
এই জীৱনী এই পৰাণ,
তোমাৰ মহান দান।
শব্দৰে পৰিসমাপ্তি নহয় যে,
তোমাৰ মৰমৰ কথা।
তুমি ধৈৰ্যৰ প্ৰতীক আৰু
সাহসৰ অফুৰন্ত ভাণ্ডাৰ,
অলংকাৰ তুমি মানৱীয়তাৰ।
কাৰোবাৰ মাতৃ কাৰোবাৰ বাই-ভনী,
কোনোবা জনৰ আকৌ
মমতাময়ী তৃষ্ণাৰ ক্ষুধা তুমি।
নাৰী তুমি সঁচাকৈয়ে অনন্যা,
তুমিয়েই সৃষ্টি কৰা,
তুমিয়েই ধ্বংস কৰা,
তোমাৰ মন সঁচাকৈয়ে বুজিব নোৱাৰা।
ক'বলৈ গ'লে তোমাৰ মহিমা অপাৰ,
তোমাৰ বাবেই ধৰণীখন ধুনীয়া ইমান।
লিখি কাহানিও শেষ কৰিব নোৱাৰা,
তোমাৰ মহিমাৰ কথা।
যিমান লিখিলেও সিমান ৰৈহে যায়,
নাৰী তুমি যে অনন্যা,
বিশ্ববিজয়িনী তুমি ত্ৰিভূৱনৰ।

No comments:
Post a Comment