আঁচনিত আসক্ত সমাজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

আঁচনিত আসক্ত সমাজ

 

আঁচনিত আসক্ত সমাজ


                                      মিনাৰুল আহমেদ

                                                অভয়াপুৰী 


এইবাৰৰ নিৰ্বাচনত 

মূল সমস্যাবোৰ অস্পষ্ট—

প্ৰবল সাম্প্ৰদায়িক বতাহত।


বিভাজিত সমাজত 

সদ্ভাৱ ক্ষুণ্ণ হোৱাৰ দিশে,

সাম্প্ৰদায়িক বায়ুৰ প্ৰবাহত 

বিভ্ৰান্ত হৈ পৰিছে জনমত।


উজনিত কিংবা নামনিত,

সকলো প্ৰান্ততেই

কেৱল দৰিদ্ৰই প্ৰতাৰিত;

উচ্চ কিংবা নিম্ন জাতিত,

সকলো জাতিতেই 

দুখীয়াৰ ভৱিষ্যত অৱহেলিত।


আঁচনিত আসক্ত সমাজে 

প্ৰশ্ন কৰিবলৈ পাহৰিছে,

জাতি - ধৰ্মৰ আড়ালত 

সকলো ঘৃণাত লিপ্ত হৈছে,

সুবিধাৰ মোহত জনমতে

দৰিদ্ৰ বৰ্গৰ বেদনা পাহৰিছে।


এইবাৰৰ নিৰ্বাচনত  

কেৱল সাম্প্ৰদায়িক বতাহেই বইছে।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages