স্তৱক
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
(১)
প্ৰতিশ্ৰুতিৰ বন্যাত
উটি যোৱা
পৰুৱাজাক,
অভিসন্ধিৰ পোতাশালত
বন্দী হৈ
কক্বকাই থাকে
মুক্তিৰ অপেক্ষাত।
(২)
পোহৰতো যদি
খেপিয়াব লাগে
সঁচাৰ কাঠী
খুলিবলৈ সত্যৰ
দুৱাৰ,
তাতকৈ নালাগে দিয়া
পোহৰতকৈ
আন্ধাৰেই ভাল।
এনেইওতো
আজিকালি চৌপাশতে
আন্ধাৰৰে খেল।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment