ফাগুন মানে তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

ফাগুন মানে তুমি

 

ফাগুন মানে তুমি 


                        ৰাখী মণি কলিতা 

                     হাজৰিকাপাৰা, দৰং 


ফাগুনৰ প্ৰথম বতাহজাকে 

যেতিয়া মোক চুই যায়,

মনে কয় তুমি নীৰৱে আহি

মোৰ কাষতে আছা।

তোমাৰ হাঁহিৰে উজলি উঠে

মোৰ সোণালী দিনবোৰ।

গছৰ নতুন পাতত

মনত আশাৰ সুৰ বাজে,

তোমাৰ নামটো বুকুত লৈ

মই ৰঙীন আবেগত হেৰাই যাওঁ।

তোমাৰ হাঁহিৰ সুৰে সুৰে

হৃদয়ত আৰম্ভ হয় গোপন গীত,

ফাগুনৰ আকাশৰ তলত

দুটি মন এক হয়।

ফাগুন মানে,

অন্তৰৰ বন্ধ দুৱাৰ খুলি দিয়া সময়,

য’ত তোমাৰ স্পৰ্শই

মোৰ জীৱনত বসন্তৰে ভৰাই তোলে।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages