বগা বগলীৰ জাক
অম্লান অৰুণাভ
চৰাইদেউ
ধান দাই শেষ হোৱাৰ পিছত
পথাৰৰ শুকান নৰাণিত
উৰি আহি নবহিবা !
অ মোৰে বগা বগলীৰ জাক,
এনেয়ো তুমি বগাকৈ ধুনীয়া
হিমানী পাউদাৰ গালত নঘঁহিবা!
সৌৱা চোৱা
পাহাৰখনো সেউজীয়া
ঠিক তেনেকৈ,
তুমিও মেক-আপ কৰা !
বেঁকাকৈ হাঁহি এটি মাৰি
নেচাবা মোলৈ ঘূৰি
এনেয়ো আজি কালি
ছোৱালী-জীয়াৰীৰ
মুখত বৰকৈ ফুটনি।
বুকুৰ মৰম
নেযাচো নেযাচো বুলি কৈ
ডেকা বুঢ়াৰ মন-প্ৰাণ খুলি
খাই দিয়ে কলিজা!
এফাল-দুফাল কৰি।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment