মাথোঁ তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

মাথোঁ তুমি

 

মাথোঁ তুমি


                  সৰিফুল আলম

                   মায়ং, মৰিগাঁও


এবুকু হিয়াৰ মৰম লৈ

আজিও ভালপাওঁ 

তোমাক,

এবুকু হিয়াৰ বেদনা লৈ 

আজিও কাষত বিচাৰো 

তোমাক।

মোৰ প্ৰত্যেকটো চোৱা পোৱাত

মাথোঁ তুমি। 

তুমি মোৰ গানৰ অৰ্থ 

তুমি মোৰ কবিতাৰ ছন্দ 

তুমি মোৰ হদয়ৰ সংলগ্নতাৰ গল্প।

তুমি মোৰ জীয়াই থকাৰ অৰ্থ 

তোমাৰেই মই তোমাতেই

 হ‌ও যেন বিলীন ।

নিশাৰ ঘন অন্ধকাৰত বিচাৰি 

পাওঁ তোমাক সপোন পাৰত,

তোমাৰ ভাৱনাতেই 

মোৰ নিশাবোৰ উজাগৰী

তোমাৰ নামতেই ব্যাকুল 

আগ্ৰহৰে অজস্ৰ 

গীত-কবিতা লিখিছিলোঁ,

তোমাৰ বাবেই অজস্ৰ 

জনৰ সৈতে বিভিন্ন দন্দত

 লিপ্ত হৈছিলো।

আজিও মোৰ ভাৱনাত 

মাথো তুমি আৰু তুমি।।        


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages