পশ্চাদগামী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, March 31, 2026

পশ্চাদগামী

 

পশ্চাদগামী


পুষ্পাঞ্জলী গোস্বামী

চেনিকুঠী, গুৱাহাটী


      তাইৰ বাবে কৰ্মই ধৰ্ম। পেহীৰ আগ্ৰহক সন্মান জনাইহে গ’ল তাই অম্বুৱাচী মেলালৈ।

      ভৰিত ধৰি আটায়ে আশিস লোৱা প্ৰভাৱশালী বাবাৰ চকুহাল দেখি চমকি উঠিল তাই! দহ বছৰীয়া জীৱন যাত্ৰাৰ সান্নিধ্যই প্ৰতাৰণা কৰিব জানো ?

     নাই, দায়িত্বৰ পৰা পলাব বিচৰাজনক মনেৰে তাহানিতেই পৰিত্যাগ কৰিছে।

        সাৰথি অবিহনে নিজকে সবল কৰি তোলাৰ মহামন্ত্ৰেৰে দীক্ষিত তাই।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages