ব’হাগ পালেহিয়েই নহয়
প্ৰেৰণা ৰাজখোৱা
: পাঁচ হাজাৰ টকা দিছিলোঁ। মোক কেৱল গামোচাখনহে দিলে যে! জাপি, চেলেং এইবোৰ ক’ত?
: দিম ৰ’বা।
: কেতিয়া দিব? অনুষ্ঠান দেখোন শেষেই হ’ল।
: খং নকৰিবাচোন। মানে… কি হ’ল জানা - ইয়াৰ আগৰ অনুষ্ঠানটোতেই মানুহ এজনে দহ হাজাৰ টকা দি থৈছিল; কিবা অসুবিধাত সেইটো অনুষ্ঠানলৈ আহিব নোৱাৰি আজি হঠাৎ উপস্থিত হ’লহি। কি কৰিম কোৱা। উপায়হীন হৈ তোমাৰ বাবে থোৱা বস্তুকেইপদেৰেই তেখেতক সম্বৰ্ধনা জনাবলগীয়া হ’ল। তুমি চিন্তা নকৰিবা। ব’হাগত কেইবাটাও অনুষ্ঠান হ’ব। তাৰেই এটা অনুষ্ঠানত তোমাক ভালদৰে সম্বৰ্ধনা জনাম। ব’হাগ পালেহিয়েই নহয়!
ঠিকনাঃ
তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
ফোনঃ ৯৭০৬৩৪০৪৫৮
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:
Post a Comment